গুৱাহাটী,১৩ মে':নিশাৰ অন্ধকাৰত ছত্তিশগড়ৰ ৰাজধানী ৰাইপুৰৰ বিমানবন্দৰত অৱতৰণ কৰিছিল এখন হেলিকপ্টাৰ। সেই সময়তেই দুর্ঘটনাগ্ৰস্ত হয় সেইখন। মৃত্যু হয় হেলিকপ্টাৰখনৰ দুই চালকৰ। অৱশ্যে তাত কোনো যাত্রী নাছিল। এতিয়াও দুর্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।
নিহত দুই পাইলট হৈছে কেপ্টেইন গোপালকৃষ্ণ পাণ্ডা, কেপ্টেইন এপি শ্রীবাস্তব। নিশা ৯.১০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, হেলিকপ্টাৰখন ৰাইপুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত অৱতৰণ কৰিছিল। সেই সময়তে তাত জুই লাগি যায়। চিনিয়ৰ ছুপাৰ প্রশান্ত আগৰৱালে জনোৱা মতে, উড়ানৰ আখৰা চলাইছিল হেলিকপ্টাৰখনে। তেতিয়াই সংঘটিত হয় দুর্ঘটনাটো।
ইঞ্জিন বিকল হোৱাৰ কাৰণেই দুর্ঘটনাটো ঘটিছে নেকি, সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ নির্দেশ দিছে ডিৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েছনে (ডিজিচিএ)। ছত্তিশগড়ৰ মুখ্যমন্ত্রীয়েও পৃথকে তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্রী ভূপেশ বাঘেলে দুর্ঘটনাত দুই পাইলটৰ মৃত্যুত শোক প্রকাশ কৰিছে। তেওঁলোকৰ পৰিয়ালবৰ্গকো তেওঁ সমবেদনা জনাইছে।
Comments