গুৱাহাটী, ১৩ মেঃ উত্তৰ-পূব ভাৰতৰ খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে যুগান্তকাৰী বাণিজ্য প্ৰদৰ্শনী নৰ্থ-ইষ্ট ফুডটেক-২০২২ৰ তৃতীয় সংস্কৰণৰ আজি গুৱাহাটীৰ মণিৰাম ট্ৰেড চেন্টাৰত উদ্বোধন কৰা হয়।
১৩-১৫ মে'ৰ ভিতৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত তৃতীয় নৰ্থ-ইষ্ট ফুডটেক, কলিকতা ফুডটেকৰ দ্বাৰা, আৰু অল আছাম ৰেষ্টুৰেণ্ট এছ'চিয়েচন আৰু হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অৱ আছামৰ সহযোগত আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীখনত সমগ্ৰ ভাৰতৰ প্ৰায় ৯০টা প্ৰতিষ্ঠিত কোম্পানীয়ে অংশগ্ৰহণ কৰি নিজৰ সামগ্ৰী আৰু সেৱাসমূহ প্ৰদৰ্শিত কৰিছে।
এই অনুষ্ঠান সন্দৰ্ভত নৰ্থ-ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হোছেইনে কয় যে, "সমগ্ৰ ভাৰতৰ পৰা অহা প্ৰায় ৯০ টা প্ৰতিষ্ঠিত কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰী/সেৱা তিনি দিনৰ বাবে এই বৰ্ণিল মঞ্চত প্ৰদৰ্শন কৰিছে।
এই প্ৰদৰ্শনত অসমক খাদ্য প্ৰক্ৰিয়াকৰণ আৰু আতিথ্য খণ্ডত বিনিয়োগৰ বাবে এক সঠিক গন্তব্য স্থান হিচাপে উপস্থাপন কৰাত গুৰুত্ব দিয়া হ’ব। যিহেতু আমি সকলোৱে অনুধাৱন কৰোঁ যে কোভিড-১৯-এ আমাক খাদ্য সুৰক্ষা আৰু পৰিচ্ছন্নতা কিমান গুৰুত্বপূৰ্ণ সেয়া শিকাইছে। খাদ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত খাদ্য পেকেজিঙে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তৃতীয় নৰ্থ-ইষ্ট ফুডটেকে খাদ্য প্ৰস্তুতি আৰু পেকেজিঙৰ ক্ষেত্ৰলৈ কেইবাটাও অভিনৱ ধাৰণা আগবঢ়াই দিব।
এই বিশাল মঞ্চত বহু প্ৰকাৰৰ সংসাধিত খাদ্য আৰু পানীয়, খাদ্য পেকেজিং প্ৰযুক্তি, বেকাৰী আৰু মিঠাইৰ সঁজুলি, আতিথ্য উদ্যোগৰ সামগ্ৰী, খাদ্য প্ৰদৰ্শন প্ৰণালী, মিঠাই আৰু জলপান প্ৰস্তুতকৰণৰ প্ৰযুক্তি, ফুড এডিটিভ আৰু উপাদান, ভেষজ সুগন্ধী আৰু আলংকাৰিক সামগ্ৰী, খাদ্য আৰু আতিথ্য উদ্যোগৰ সৈতে জড়িত প্ৰযুক্তিগত সমিধান আদি প্ৰদৰ্শন কৰা হৈছে।
সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সমান্তৰালভাৱে সীমান্তৱৰ্তী দেশসমূহৰ পৰাও কেইবাহাজাৰ বাণিজ্যিক দৰ্শনাৰ্থীয়ে তিনিদিনীয়া বাণিজ্যিক অনুষ্ঠানটো পৰিদৰ্শন কৰিবলৈ আহিব বুলি আয়োজক সকলে আশা প্ৰকাশ কৰিছে।
Comments