Cartoon
View Older
গুৱাহাটী, ১৩ মেঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতি ভৱনৰ এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত আহমেদৰ প্ৰতিকৃতিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি সেৱা জনায়।
দেশৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ১৯৭৪ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷১৯০৫ চনৰ ১৩ মে’ তাৰিখে তেওঁৰ জন্ম হয় আৰু ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীত কাৰ্যালয়ত থাকোতে তেওঁৰ মৃত্যু হয়।
Comments