ডিব্ৰুগড়, ১৩ মে' : দেশৰ অন্য প্ৰান্তৰৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ১১ মে'ত বিশেষ উৎসাহ- উদ্দীপনাৰে 'ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২২' ( National Technology Day 2022 ) উদ্যাপন কৰা হয়। এই দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনলাইন বক্তৃতানুষ্ঠানটো উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক লীলাকান্ত নাথে। উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ গুৰুত্বৰ বিষয়ে অৱলোকন কৰে আৰু প্ৰাত্যহিক জীৱনত প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।
এই অনুষ্ঠানত Industry 4.0 : The role of Artificial Intelligence and Data Science বিষয়ক অনলাইন বক্তৃতা প্ৰদান কৰে USA ৰ Machine Intelligence Research (MIR) Labs ৰ সঞ্চালক প্ৰাধ্যাপক অজিত আব্ৰাহামে। কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানে চিকিৎসা বিজ্ঞানকে ধৰি মানৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ কেনেধৰণৰ ৰূপান্তৰ কঢ়িয়াই আনিছে এই বিষয়ে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে প্ৰাঞ্জলভাৱে ব্যাখ্যা আগবঢ়ায়। এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ Electronics & Infomation Technology ৰ STPI ৰ অতিৰিক্ত সঞ্চালক মাধুৰ্য প্ৰকাশ বৰুৱাই Indian IT/ ITES industry and some government initiatives বিষয়ক এক অনলাইন বক্তৃতা প্ৰদান কৰে।
বিগত বছৰবোৰত ভাৰতীয় তথ্য-প্ৰযুক্তিৰ উদ্যোগটোৱে কেনেদৰে বিকাশ লাভ কৰিছে, তাৰ এক সুন্দৰ ছবি বক্তাগৰাকীয়ে আগবঢ়ায়। এই অনুষ্ঠানত Trends in Science and Technology for a sustained Future - An approach to students শীৰ্ষক অন্য এটা বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Instrumentation & USIC বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বৰাই।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ গুৰু, অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত শ্ৰোতা হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোৰ আদৰণী ভাষণ আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰশান্ত কুমাৰ শইকীয়াই।অনুষ্ঠানৰ আঁত ধৰে ড০ নিমিষা দত্ত চলিহাই। শলাগৰ শৰাই আগবঢ়াই এই অনুষ্ঠানৰ আহ্বায়ক ক্ৰমে ড° সৌমেন আচাৰ্য আৰু ড° ৰীতা দেৱীয়ে।
Comments