গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ ঃ পেট্ৰল- ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ লোকৰ কঁকাল বেঁকা কৰি পেলোৱাৰ সময়তে চলিত মাহৰ শেষ সপ্তাহৰ পৰা দাম বাঢ়িব টিভি, এ চি, ফ্ৰিজ, ৱাছিং মেচিন আদি সামগ্ৰীৰো৷
গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ সময়তে কোম্পানীসমূহে কেঁচা সামগ্ৰীৰ দাম বৃদ্ধিৰ আজুহাত দেখুৱাই এ চি, ফ্ৰিজ আদিৰ দৰে সামগ্ৰীৰ দাম পাঁচ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব খুজিছে৷ এনে সামগ্ৰী নিমাৰ্ণ কৰা কোম্পানীসমূহে প্ৰকাশ কৰা মতে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ইউৰোপৰ বজাৰসমূহৰ পৰা ভাৰতলৈ অহা কেঁচা সামগ্ৰীৰ যোগান হ্ৰাস পাইছে৷
আনহাতে, যিবোৰ সামগ্ৰী আহিছে উক্ত সামগ্ৰীসমূহৰো দাম বৃদ্ধি পাইছে৷ এনে সময়তে শেহতীয়াকৈ ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে কোম্পানীসমূহ৷
সেয়েহে এনে ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা কোম্পানীসমূহে দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিছে৷ সেই অনুসৰি চলিত মাহৰ শেষ সপ্তাহৰ পৰা কিছু কিছু সামগ্ৰীৰ আৰু জুন মাহৰ পৰা কিছু সামগ্ৰীৰ দাম ৩১ পৰা প্ত শতাংশ বৃদ্ধি পাব৷ প্ৰণিধানযোগ্য যে আজিৰ তাৰিখত সকলো লোকৰে ঘৰত টিভি থাকেই৷
সেইদৰে মধ্যবিত্ত আৰু অধিকসংখ্যক নিম্ন মধ্যবিত্ত লোকেই কাপোৰ ধোৱা মেচিন [ ৱাশ্বিং মেচিন], ৰেফ্ৰিজেৰেটৰ, এ চি আদি ব্যৱহাৰ কৰে৷ এনে পৰিস্থিতিত উক্ত সামগ্ৰীসমূহৰ লগতে আন আন ইলেক্ট্ৰিকেল সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত জনসাধাৰণে অধিক দাম ভৰিব লাগিব৷
সকলোতকৈ ডাঙৰ কথা যে কৰ’নাৰ ফলত সৃষ্টি হোৱা লোকচানৰ দোহাই দি কোম্পানীসমূহে চলিত বৰ্ষৰ জানুৱাৰী মাহত টিভি, এ চি, ফ্ৰিজ, ৱাশ্বিং মেচিন আদিৰ লগতে বহুসংখ্যক ইলেক্ট্ৰিকেল সামগ্ৰীৰ দাম বৃদ্ধি কৰিছিল৷ কিন্তু এই বৃদ্ধিৰ পাঁচ মাহ নৌহওঁতেই পুনৰ কোম্পানীসমূহে সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে৷
মন কৰিবলগীয়া কথা যে পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিৰ লগতে শাক-পাচলিৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ খাদ্য সামগ্ৰীৰে দাম বৃদ্ধিয়ে ইতিমধ্যে বজাৰত জুই জ্বলাইছে৷ কিন্তু চৰকাৰে দাম বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷
চৰকাৰৰ এনে অনীহাৰ বাবেই বৃহৎ বৃহৎ কোম্পানীসমূহে এটাৰ পাছত এটাকৈ সামগ্ৰীৰ দাম বৃদ্ধি কৰি থাকিবলৈ সক্ষম হৈছে৷ যাৰ ফলত এতিয়া সাধাৰণ লোকসকল জীয়াই থাকিবলৈকে কঠিন হৈ পৰিছে৷ এনে পৰিস্থিতিৰ মাজতে এতিয়া কোম্পানীসমূহে টিভি, এ চি, ফ্ৰিজ আদিৰ দৰে সামগ্ৰীৰ দামো বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত বিশেষ লক্ষণীয় হৈ পৰিছে৷
Comments