গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ বাবে ২০২০ চনত অনুষ্ঠিত বাছনী পৰীক্ষাত কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্ত, আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক৷ অভিযুক্ত কৰা হৈছে তেতিয়াৰ বিজেপি নেতা দ্বিবন ডেকাসহ মুঠ ২৭জনক৷
অৱশ্যে কেলেংকাৰিটোৰ সৈতে সাঙোৰ খাই পৰা ১৪জন লোকক আদালতে অভিযোগমুক্ত কৰিছে৷ উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত অসম আৰক্ষীত উপ-পৰিদৰ্শক পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা বাছনী পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হৈছিল৷
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ নেতৃত্বত অনিয়মেৰে প্ৰাৰ্থী বাছনি কৰাৰ কচৰৎ চলিছিল৷ য’ত জড়িত আছিল এটা বৃহৎ চক্ৰ৷ গুৱাহাটীৰ হোটেলত এই চক্ৰটোৱে কচৰৎ চলাই থকা অৱস্থাত ফাদিল হৈছিল অনিয়ম৷
অনিয়ম ফাদিল হোৱাৰ লগে লগে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত চি আই ডিয়ে এই সমস্ত প্ৰক্ৰিয়াটো সন্দৰ্ভত তদন্ত চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষী বিষয়া, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে জিলাই জিলাই চাকৰিৰ প্ৰলোভন দিয়া দালালক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল৷
চি আই ডিয়ে অতি খৰতকীয়াকৈ তদন্ত কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱাত বিশেষ আদালতে বিচাৰ প্ৰক্ৰিয়া আগুৱাই নিবলৈ সক্ষম হয়৷ কেলেংকাৰিটোৰ মূল অভিযুক্ত পি কে দত্ত, আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ আৰু বিজেপি নেতা দ্বিবন ডেকাক কেইবাখনো আইনৰ অধীনত বিশেষ আদালতে অভিযুক্ত কৰে৷
ভাৰতীয় দণ্ডবিধি আইন, দুৰ্নীতি প্ৰতিৰোধ আইনৰ কেইবাটাও ধাৰাত পি কে দত্ত, সঞ্জীত কৃষ্ণক অভিযুক্ত কৰা হৈছে৷ এতিয়া আদালতে অভিযুক্তৰ বিৰুদ্ধে কি শাস্তি ঘোষণা কৰে সেয়া লক্ষণীয় হ’ব৷
Comments