গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ঃ ফ’ৰ লেন হাইৱে’, ৰাজ্যিক ঘাইপথ, নগৰৰ মাজেৰে যোৱা পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে অচিৰে চূড়ান্ত সিদ্ধান্ত ল’ব৷ উল্লেখযোগ্য যে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে অসমৰ পথসমূহত যান-বাহন চলাচলৰ বাবে গতিবেগৰ উচ্ছ সীমা নিৰ্ধাৰণ কৰি জনসাধাৰণৰ মতামত গ্ৰহণ কৰিছে৷
ৰাজপথত চলাচল কৰা যান-বাহনৰ গতিবেগৰ উচ্ছ সীমা কেবিনেটে চূড়ান্ত কৰিব৷ দুচকীয়া বাহনৰ চালক, আৰোহীক হেলমেট পিন্ধাই পথ দুৰ্ঘটনা ৰোধ কৰাত সফল হোৱাৰ পাছত পৰৱৰ্তী পদক্ষেপ যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰন লৈ অনাটো অন্যতম লক্ষ্য হ’ব বুলি আজি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷
বিভাগটোৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে কয় যে আগৰ বছৰতকৈ এইবাৰ ২১ শতাংশ দুৰ্ঘটনা হ্ৰাস পাইছে৷ যান-বাহনৰ গতিবেগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বহুতে প্ৰশ্ন কৰে মন্ত্ৰীৰ গাড়ী ইমান বেগত কিয় যায়? তেওঁ কয় মন্ত্ৰীজন মৰিলে উপ-নিৰ্বাচন হ’ব, কোনোবা এম এল এ হৈ জিকি আহিব আৰু খালী হোৱা মন্ত্ৰীৰ স্থান কোনোবাই পূৰ কৰিব৷
কিন্তু এজন লোক দুৰ্ঘটনাত মৃত্যু হ’লে কোনোবা বিধৱা হ’ব, কোনোবা পিতৃহাৰা হ’ব৷ ২৮৯.৪৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত গে’টৱে’ ঘাটৰ [ফেৰী টাৰ্মিনেল] আধাৰশিলা, দুখন তীখাৰে নিৰ্মিত কেটামাৰন জাহাজৰ শুভউদ্বোধন কৰাৰ লগতে পৰিবহণ বিভাগৰ ১২টা অনলাইন সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে যান-বাহনৰ গতি নিয়ন্ত্ৰন কৰাৰ কথা আজি কয়৷
পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ফাঁচি বজাৰত আয়োজন কৰা অনুষ্ঠানত বিভাগটোৱে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– পৰিবহণ বিভাগৰ অনলাইন সেৱা মুকলি কৰাৰ পাছত জ্জ লাখ মাানুহে পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ কাম কৰিলে৷ এইবাৰ ১৫ লাখ লোকে পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ কাম কৰিব পাৰিব৷ এতিয়াৰ পৰা ব্যক্তিগত বা বাণিজ্যিক গাড়ী কিনিলে ডীলাৰজনে ডি টি অ’ৰ দৰে চহী কৰি আৰ চি দিব পাৰিব৷
প্ৰদূষণৰ প্ৰমাণ-পত্ৰ লওঁতে পলম হ’লে দিবলগীয়া জৰিমনা অনলাইনত জমা কৰা, পৰিচালকৰ অনুজ্ঞা-পত্ৰ, নবীকৰণ আৰু প্ৰতিলিপি, ঠিকনা সলনি, চালকৰ অনুজ্ঞা-পত্ৰৰ ঠিকনা সলনি, স্পেচিয়েল, টেম্পৰাৰী, পিৰিয়ডিক পাৰ্মিট, পাৰ্মিটৰ প্ৰতিলিপি আৰু পাৰ্মিটৰ নৱীকৰণ কৰাৰ বাবে অনলাইন সেৱা মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কয়৷
ৰাজহ আৰু পৰিবহণ বিভাগক ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে পৰিবহণ বিভাগৰ পৰা মাত্ৰ জ্জ্বটা মাহত জ্জ লাখ আৰু ৰাজহ বিভাগৰ পৰা জ্জ্ব লাখ লোক উপকৃত হৈছে৷
পৰিবহণ বিভাগে এশ শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কোনো সংবাদ মাধ্যমে ব্যৰ্থতাৰ শীৰ্ষত ৰখাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে পৰিবহণ আৰু ৰাজহ বিভাগে যি কৰিছে আন ৰাজ্যই মডেল হিছাপে ল’ব লাগিব৷
পৰিবহণ বিভাগে সফলতা দেখুওৱাৰ পাছত আন আন বিভাগৰ ক্ষেত্ৰতো পৰিকল্পনা ল’ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ কয় যে প্ৰতিটো সমষ্ঠিত পৰিবহণ বিভাগে ৫০জনকৈ যুৱকক চালকৰ প্ৰশিক্ষণ দিছে৷
গাড়ী চলোৱাৰ লগতে ইংৰাজী, হিন্দী আদি ভাষাত কথা ক’ব পৰাকৈ দক্ষ কৰি দেশৰ বিভিন্ন নগৰ লগতে ডুবাই আদিতো সংস্থাপনৰ বাবে দুই হাজাৰ যুৱকক সাজু কৰিব তুলিবলৈ বিভাগটোক তেওঁ আহ্বান জনায়৷ আজি ফেৰী টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই টাৰ্মিনেলত দোকান, পাৰ্কিং, যাত্ৰীৰ বাবে বহা আসন আদি ব্যৱস্থাসমূহ থাকিব৷
আগতে জ্জ্বখন কেটামাৰণ জাহাজ দিয়া হৈছিল৷ আজি দুখন দিয়াৰ ফলত জলপৰিবহণত ১০খন জাহাজ হ’ল আৰু দহখন কেটামাৰন জাহাজ দিয়া হ’ব৷ পৰৱৰ্তী সময়ত গোৱালপাৰা, ডিব্ৰুগড়, দক্ষিণ শালমৰা-মানকাচৰ, মাজুলীৰ অফলামুখ আদিতো সৰু টাৰ্মিনেল নিৰ্মাণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ পৰিবহণ বিভাগৰ অনলাইন সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে পৰিবহণ মন্ত্ৰীৰ টীমক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এন আই চিৰ সহযোগিতাৰ শলাগ লয়৷ আজি মুখমন্ত্ৰীয়ে ১২খন ইণ্টাৰচেপ্টৰ বাহনো মুকলি কৰে৷
Comments