গুৱাহাটী,১৮ মে':সোমবাৰে নিশা বৰপেটা জিলাৰ সৰ্থেবাৰীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ উপৰিও পাঁচজন লোক আহত হৈছিল। মৃতসকলৰ ভিতৰত আছিল প্ৰণৱ ভূঞা, চিত্ত ভূঞা আৰু হৰগোবিন্দ ডেকা আনহাতে আহত লোকসকলক হৰবল্লভ ভূঞা, হৰেকৃষ্ণ ভূঞা, সুৰজিত ডেকা,মনজিৎ ভূঞা, বনজিত ভূঞা,গীতুমনি ভূঞা, প্ৰাঞ্জল কাকতি আৰু অনুপম চৌধুৰী বুলি চিনাক্ত কৰা হৈছিল।
সঘনে দুৰ্ঘটনা সংঘটিত হোৱা এই স্থানত দিন চেৰেক আগতে প্ৰশাসনৰ তৰফৰ পৰা তিনিটা স্পিড ব্ৰেকাৰ আৰু এখন দুৰ্ঘটনা প্ৰৱন এলেকাৰ চাইন বোৰ্ড আৰি দিয়া হৈছিল।তৎস্বত্তেও উক্ত অঞ্চলত হ্ৰাস হোৱা নাই দুৰ্ঘটনাৰ সংখ্যা। স্থানীয় ৰাইজে সময়ে সময়ে আৰক্ষীক বেৰিকেড স্থাপনৰ দাবী উত্থাপন কৰিলেও আজিকোপতি সৰ্থেবাৰী আৰক্ষীয়ে লোৱা নাই ইয়াৰ ওপৰত কোনোধৰণৰ পদক্ষেপ আৰু দায়িত্ব।
এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নামশালা গাওঁবাসীৰ লগতে সৰ্থেবাৰীৰ সচেতন জনতাই আজি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত এক প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় লোকসকলে নিহত আৰু আহত লোক সকলক অতিশীঘ্ৰে উচিত পৰিমাণে চৰকাৰী সাহায্য দিয়াৰ উপৰিও আহত লোকসকলক বিনামূলীয়া চিকিৎসাৰ দাবী উত্থাপন কৰে।আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহন চালক মৃদুল দাসৰ ওপৰত পথচাৰীক হত্যাৰ অপৰাধত জামিনবিহীন গোচৰ ৰুজু কৰাৰো দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি চালক মৃদুল দাসে উক্ত দিনা মদৰ ৰাগীত ৰাগীয়াল হৈ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল।তদুপৰি ধাবাৰ নামত মদৰ আড্ডাৰ ঘাটিলৈ পৰিৱৰ্তিত হোৱা হাৰিঘাটাস্থিত জলপৰী ধাবা অতি শীঘ্ৰে বন্ধ কৰাৰো বাবে দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।ধাবাৰ নামত জালিয়াতিৰে মদৰ বিপনীৰ লাইচেঞ্চ আহৰণ কৰা ব্যৱসায়ী দুল ভাগৱতীৰ বিৰুদ্ধেও ৰাইজে শাসকীয় পক্ষক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়।
Comments