গুৱাহাটী, ১৮ মে' : ভয়াৱহ বানৰ কৱলত পৰা অসমৰ বাবে বিশেষ আৰ্থিক পেকেজৰ দাবী জনাইছে অসম জাতীয় পৰিষদে। এই দাবীৰে সোমবাৰে অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্মাৰক পত্ৰ যোগে জনাই যে, ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি ২০ খন জিলাৰ ৪৬ টা ৰাজহ চক্ৰ এলেকাৰ ৬৫২ খন গাঁৱৰ ২ লাখ লোক বান পীড়িত যদিও প্ৰকৃততে বান পীড়িত লোকৰ সংখ্যা ৫ লাখতকৈ কম নহ’ব ৷
আনহাতে পত্ৰযোগে অসম জাতীয় পৰিষদে উল্লেখ কৰি কয় যে, চৰকাৰী বিধি অনুসৰি যি গতিত উদ্ধাৰ আৰু সাহায্য অভিযান চলাব লাগিছিল, সেই হাৰত উদ্ধাৰ আৰু সাহায্য অভিযান চলাব নোৱাৰাৰ বাবে বান পীড়িত এলেকাসমূহৰ ৰাইজৰ দুখ কুলাই পাছিয়ে নধৰা হৈছে । বিজেপিয়ে ২০১৬ আৰু ২০২১ দুয়োটা নিৰ্বাচনৰ সময়ত দলীয় ইস্তাহাৰত অসমৰ বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । স্বয়ং প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসমলৈ আহি বান সমস্যা সমাধানৰ আশ্বাস দিছিল ।
এনে প্ৰেক্ষাপটত বানৰ সৈতে মোকাবিলা কৰা ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দুগুণ দায়িত্ব বুলি উল্লেখ কৰি স্মাৰকপত্ৰখনত নেতাদ্বয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম সুকলমে সম্পাদন কৰিব পৰা নাই । ৰাজ্য চৰকাৰৰ ওচৰত তাৰ বাবে পৰ্যাপ্ত পুঁজি নথকাটোয়ে ইয়াৰ কাৰণ হ’ব পাৰে ৷ গতিকে এনে সংকটৰ সময়ত অসমবাসীৰ ওচৰত থিয় দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ বিশেষ দায়িত্ব বুলি বিবেচনা কৰি অসমলৈ তৎমহূৰ্ততে বিশেষ আৰ্থিক পেকেজ আগবঢ়োৱাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ।আনহাতে, এই দায়িত্ব পালন কৰি অসমবাসীলৈ নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰতি ৰক্ষা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁলোকে অনুৰোধ কৰে ।
Comments