Classifieds
View All
গুৱাহাটী,১৭ মে' : মঙ্গলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে, ১৮ৰ পৰা ২১ মে’লৈ অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা দিন নিৰ্দ্ধাৰণ কৰা আছিল ।কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে এই পৰীক্ষা স্থগিত ৰখা হৈছে ৷
আনহাতে, আকৌ বান সমস্যাৰ বাবে ডিমা হাছাও জিলাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আগন্তুক ১৮ মে'ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষাৰ দিন পিছুওৱা হৈছে । পৰীক্ষাসমূহ পুনৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশ কৰা হ'ব বুলি জানিব পৰা গৈছে ।
Comments