Cartoon
View Older
গুৱাহাটী,১৮ মে': আজিৰে পৰা পুনৰ চলাচল কৰিব মাজুলী নিমাতীৰ মাজত ফেৰী। বুধবাৰৰ পুৱা ৮ বজাত অফলামুখৰ পৰা নিমাতীলৈ চলাৰ প্ৰথমখন ফেৰী । ইয়াৰ লগতে অন্য ঘাটসমূহৰ ফেৰীসমূহো চলাচল আৰম্ভ হ’ব আজিৰে পৰা ।
উল্লেখ্য যে, দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা ।বিগত কেবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰবাবে মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।
Comments