ধেমাজি , ১৮ মে ঃ ধেমাজি বিধান সভা সমষ্টিৰ অন্তৰ্গত যোৰকটা গাওঁ পঞ্চায়তৰ মালাগাওঁ - নাহৰবাৰী পমুৱা সংযোগী পথটোৰ দুৰবস্থাই পথচাৰীক নৰক যান্ত্ৰণা ভোগাই অহাৰ প্ৰতিচ্ছবিয়ে ৰাইজৰ চকু কঁপালত তুলিছে ৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা কিম্বা আমোলা - বিষয়াই ৰাইজলৈ পিঠি দিয়াৰহে পৰিলক্ষিত হৈছে । প্ৰত্যেক বছৰে পঞ্চায়ত সমুহত বিভিন্ন আঁচনিৰ ফলক সমুহ দেখা পোৱা যায় যদিও জনসাধাৰণে উন্নয়নৰ ক্ষেত্রত কিমান সুফল লাভ কৰিবলৈ সক্ষম হৈছে ইও চিন্তিত বিষয় ৷
ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত প্ৰতিনিধি সকলক পঞ্চায়ত সমুহৰ বিভিন্ন উন্নয়নমূলক আঁচনি সমুহ তদাৰকী কৰি প্ৰতিটো পঞ্চায়তত ৰাইজৰ হিৰ্তে উন্নয়ন সাধিবলৈ আহ্বান জনোৱাৰ পিছতো পঞ্চায়ত প্ৰতিনিধি সকলে কোনো গুৰুত্ব আৰোপ নকৰাৰ পৰিলক্ষিত হৈছে ৷ ইপিনে উক্ত পথটোৰ প্ৰায় দুই কিলোমিটাৰ বিধ্বস্ত পথচোৱাৰ বাবে জনসাধাৰণে স্হানীয় বিধায়ক তথা বৰ্তমান অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডাঃ ৰণোজ পেগু , জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জিলা পৰিষদৰ সদস্যা বৰ্নালী বুঢ়াগোহাঁই , আঞ্চলিক পঞ্চায়তৰ উপ- সভানেত্ৰী মিনা টাৱ মিলি আৰু ৱাৰ্ড সদস্য জনাতা টাৱক বাৰম্বাৰ আবেদন - নিবেদন কৰাৰ পিছতো এই জৰাজীৰ্ণ পথচোৱাৰ বাবে জনপ্ৰতিধিসকলে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
মাছখোৱা উন্নয়ন খণ্ডৰ যোৰকটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পমুৱা ৱাৰ্ডৰ মালাগাওঁ, নাহৰবাৰী -পমুৱা সংযোগী পথচোৱাৰ মাজে মাজে পুখুৰী সদৃশ গাঁত আৰু বোকাময় পৰিৱেশ সৃষ্টি হোৱাত মটৰ চাইকেল আৰোহী, চাইকেল আৰোহী, স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ পথচাৰীয়ে নৰক যান্ত্ৰণা সন্মুখীন হ’ব লগা হোৱাত পঞ্চায়ত প্ৰতিনিধি সকলকৰ ওপৰত ৰাইজ ক্ষুণ্ণ হৈ পথচোৱাত ভূই ৰুই আজি তীব্ৰ প্ৰতিবাদ জনায় ।
ৰাইজৰ অভিযোগ অনুসৰি বিগত ১০ বছৰ পথচোৱাৰ মেৰামতি কৰাৰ নামত ট্ৰেক্টৰৰে কেইগাড়ী মান মাটি পেলাই জনপ্ৰতিনিধি সকলে পাল মাৰে বুলি উল্লেখ কৰে ৷ ইপিনে উক্ত পথছোৱা উদ্ধৰ্তম কতৃপক্ষক পথটোৰ উচিত তদন্ত কৰি শীঘ্ৰে পকীকৰণ কৰাৰ যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰিবলৈ স্হানীয় ৰাইজে আহ্বান জনাই।
Comments