Classifieds
View All
গুৱাহাটী, ১৬ মেঃ উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰা আৰম্ভ হোৱাৰ সময়তে প্ৰায় ৩৯ জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। এই চাৰি ধাম যাত্ৰা হৈছে পবিত্ৰ বদ্ৰীনাথ, কেদাৰনাথ, গঙ্গোত্ৰী আৰু যমুনোত্ৰী শ্ৰাইনলৈ এক পবিত্ৰ তীৰ্থযাত্ৰা।
ইপিনেম বিষয়াসকলৰ মতে উচ্চ ৰক্তচাপ, হৃদআক্ৰমণ আৰু ওখ ঠাই বগোৱাৰ ফলত অসুস্থ হৈ পৰাত তীৰ্থযাত্ৰীসকলৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰে, সকলো তীৰ্থযাত্ৰীৰ বেছিভাগৰে মৃত্যু ভ্ৰমণকালীন অৱস্থাতে হৈছে বুলি উত্তৰাখণ্ডৰ স্বাস্থ্য সঞ্চালক প্ৰধান ডাঃ শৈলজা ভট্টই জানিবলৈ দিয়ে।
তদুপৰি, তেওঁ জানিবলৈ দিয়ে যে, "হৃষীকেশৰ উপৰিও ভ্ৰমণ পথৰ বিভিন্ন স্থানত তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। লগতে, চিকিৎসা পৰীক্ষাৰ অন্তত সুস্থ নোহোৱা তীৰ্থযাত্ৰীসকলক ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।"
Comments