গুৱাহাটী,১৬ মে':অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল । অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষাৰ ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ। পদসমূহ সমপৰ্যায়ৰ হোৱাৰ বাবে একেলগে পৰীক্ষা কৰা বুলি জনায় ভাস্কৰজ্যোতি মহন্তই ৷উক্ত পৰীক্ষাসমূহৰ শাৰীৰিক পৰীক্ষা কেন্দ্ৰ আছিল মুঠ ৩৩ টা । বিপৰীতে ২০ ফেব্ৰুৱাৰীত ছেবাই ১০ খন জিলাত পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল । সৰ্বমুঠ ১৪ টা শাখাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল ।
ফলাফল ঘোষণাৰ বাবে দুমাহৰ সময় প্ৰয়োজন হয় বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । ফলাফল ঘোষনাত পলম হোৱাৰ প্ৰসংগত তেওঁ কয়, ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ চাৰ্টিফিকেট ভুৱা আছিল। সেইসমূহ পৰীক্ষা কৰোতে প্ৰয়োজন হৈছিল যথেষ্ট সময়ৰ । বিসংগতিপূৰ্ণ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থীৰ বিৰুদ্ধে চি আই ডিত ৫/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও লগতে তেওঁ কয় ।
সদ্য নিযুক্তি প্ৰক্ৰিয়াত কনিষ্টবলৰ UB শাখাত মহিলাৰ প্ৰতিনিধিত্ব ৩০ শতাংশলৈ বৃদ্ধি প্ৰচেষ্টা কৰা হয় বুলিও অসম আৰক্ষী সঞ্চালকগৰাকীয়ে কয় । এইসমূহৰ নিযুক্তিত UB ত ২৩.৭৯ শতাংশলৈ মহিলাই নিযুক্তি লাভ কৰে ।আনহাতে ইতিমধ্যে হৈ যোৱা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা হ’ব বুলিও মহন্তই কয় । তেওঁ জানিবলৈ দিয়া মতে ফলাফল ওলাব লগা মুঠ পদৰ সংখ্যা প্ৰায় ৫ হাজাৰ । ইফালে নৱনিযুক্ত কনিষ্টবলসকলক ডিজিপিয়ে সতৰ্ক হোৱাৰ আহ্বান জনাই কয়, মধ্যভোগী জালত নপৰিব । কোনোবা মধ্যভোগীয়ে জোতা, কাপোৰ, ট্ৰাংক আদি কিনি দিব বিচাৰিলে নল'ব ।
Comments