গুৱাহাটী,১৬ মে': হ'বলগীয়া স্বামীৰ লগ লাগি বিভিন্নজনক প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি বিতৰ্কিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভা সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । স্মৰ্তব্য যে কেইমাহমানৰ পূৰ্বে বিধায়ক ড৹ ভূঞাৰ এটা টেলিফোন টেপ ৰাজহুৱা কৰি ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছিল জোনমণি ৰাভাই ৷ গতিকে এইবাৰ সুযোগ এৰিব খোজা নাই বিধায়কগৰাকীয়ে ৷
জোনমণি ৰাভা প্ৰসংগত এইবাৰ মুখ খুলিছে বিধায়ক অমিয় ভূঞাইসোমবাৰে সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয় যে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা নীতি শিক্ষা লোৱাত তেওঁৰ আপত্তি নাই ৷ কিন্তু জোনমণি ৰাভা কোন স্থানত আৰু বিধায়কগৰাকী কোন স্থানত বুলিও মন্তব্য কৰে ড৹ অমিয় কুমাৰ ভূঞাই ৷ নিজকে সামাজিক আৰু শৈক্ষিক দুয়োটা দিশৰে পৰাই বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীতকৈ বহু আগত বুলি দাবী কৰে বিধায়কগৰাকীয়ে।লগতে তেওঁ জোনমণি ৰাভাৰ দৰে আৰক্ষী বিষয়াৰ পৰা নীতিশিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই বুলিও কয় । আইনৰ ৰক্ষকে যদি আইন ভংগ কৰে, তেনে ব্যক্তিক জেললৈ প্ৰেৰণ কৰিব লাগে বুলি মন্তব্য কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷
Comments