মাজুলী,১৬,মে':পোন প্ৰথম বাৰৰ বাবে মাজুলী কালচাৰেল ফাউণ্ডেচনৰ তৰফৰ পৰা এটি ২৫ জনীয়া নাট্য দলে পূৰ্ব্বোত্তৰ ৰাষ্ট্ৰীয় নাট-সমাৰোহ ২০২২-ত ভাগ ল'বলৈ ৰাজস্থানৰ বিকানেৰলৈ ৰাওনা হৈছে। বিগত সময়ছোৱাত মাজুলী কালচাৰেল ফাউণ্ডেচনে মাজুলীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সাংস্কৃতিক কায্যসূচী ৰূপায়ণ কৰি আহিছে। লোকসংগীত, আও-পুৰণি অসমীয়া গীত আদিৰ যোগেদি নৱ-প্ৰজন্মক ন-ন দিশেৰে সমৃদ্ধ কৰি তুলিবলৈ ফাউণ্ডেচনে প্ৰতিবছৰে মাজুলীৰ ভিন-ভিন স্থানত সংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।
ইয়াৰোপৰি শিশুসকলৰ মনস্তত্বৰ বিকাশৰ বাবে সম্পূৰ্ণ থিয়েটাৰী প্ৰক্ৰিয়াৰে মাজুলী কালচাৰেল ফাউণ্ডেচনে প্ৰতিবছৰে শিশু নাট কৰ্মশালা অনুষ্ঠিত কৰি একোখনকৈ নাটক মঞ্চস্থ কৰি আহিছে। নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ফাউণ্ডেচনে প্ৰতিবছৰে সুকীয়াকৈ নাটক মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰি আহিছে। মাজুলী কালচাৰেল ফাউণ্ডেচনৰ দ্বাৰা মঞ্চস্থ হোৱা কেইখনমান উল্লেখযোগ্য নাটক হ'ল- নীলা চৰাই, সৰু ধেমালি- বৰ ধেমালি, ৰত্ন ভাণ্ডাৰৰ কাহিনী, মিৰি-জীয়ৰী, কাৰেঙৰ লিগিৰী, শোণিত কুঁৱৰী, টিমৱৰ্ক, কথকতা, জয়মতী আদি বিশেষভাৱে উল্লেখযোগ্য। অপেছাদাৰী নাট্য-শৈলীৰে যাত্ৰা আৰম্ভ কৰা দলটিয়ে ইতিমধ্যে খুব সোনকালেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী আৰু অসম বুৰঞ্জীৰ আধাৰত মাজুলী কালচাৰেল ফাউণ্ডেচনৰ প্ৰতিস্থাপক ভাস্কৰজ্যোতি বৰাই কৰা নাট্যৰূপ আৰু পৰিচালনাৰেই নাটক 'জয়মতী' ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ দ্বাৰা আয়োজিত পূৰ্ব্বোত্তৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ ২০২২ লৈ নিৰ্বাচিত হৈছে। ৰাজস্থানৰ বিকানেৰত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ নাট সমাৰোহখনিত মাজুলী কালচাৰেল ফাউণ্ডেচনৰ দ্বাৰা প্ৰযোজিত আৰু ভাস্কৰ জ্যোতি বৰাৰ দ্বাৰা পৰিচালিত নাটক 'জয়মতী' অহা ১৮ মে'ত মঞ্চস্থ হ'ব।
জয়মতী নাটকখনিত অভিনয় কৰিবলগীয়া শিল্পীসকল হ'ল- বিজু দুৱৰা, মৃদুল বুঢ়াগোহাঁই, সত্যজিৎ বৰা, তিলক বৰুৱা, মানস দত্ত, শান্তনু বৰা, সত্যব্ৰত দত্ত, গৌতম শইকীয়া, ৰিংকি কাকতি, কস্তুৰী বৰুৱা, মেঘনা ভূঞা, পলি ভূঞা, অনন্যা বৰুৱা, সুপ্ৰিয়া শৰ্মা, পম্পী দত্ত, সুৰুজজ্যোতি বৰা, কৌশিক বৰা, সীমা তালুকদাৰ আৰু চুমী হাজৰিকা। নাটখনিৰ সংগীত ব্যৱস্থাপনা অৰূপ কছাৰীৰ।পোহৰ পৰিকল্পনা অচিন্ত শইকীয়াৰ। সাজ-সজ্জা, ৰূপ-সজ্জা আৰু সহায়কৰ দায়িত্বত আছে ক্ৰমে হেমন্ত সৰকাৰ আৰু অংকুৰজ্যোতি দত্ত। নাটকখনৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰক মুক্তা প্ৰসাদ দত্ত।
Comments