Classifieds
View All
জগদদুৱাৰ ১৬ মে : টীয়কৰ এজনী মৰম লগা কণমানি।নাম আকাংক্ষা দত্ত। বয়স ৬ বছৰ। কণমানি আকাংক্ষাই মাথোঁ ছবছৰ বয়সতে নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।বিনা দ্বিধাই প্ৰতিটো কথা সলসলীয়াকৈ কব পৰা আকাংক্ষাই মাত্ৰ ২০ মিনিটত ৪৩০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ দি নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।
আকাংক্ষাই ২০ মিনিটত ৯৫ টা জন্তু নাম , ৫১ বিধ চৰাই নাম, ৩০ জন স্বাধীনতা সংগ্ৰামী নাম,২৭ বিধ সামগ্ৰীৰ নাম, ২৬ খন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ নাম কৈছিল। সৰুৰে পৰা ইউটিউব চাই ভাল পোৱা আকাংক্ষাৰ পৰৱৰ্তী লক্ষ্য এছিয়া বুক অৱ ৰেকৰ্ড। যোৰহাটৰ ষ্পীংডেল বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা টীয়ক দক্ষিণ দুলীয়া গাঁৱৰ নৱজ্যোতি দত্ত আৰু মৰমী দত্তৰ কন্যা।
Comments