গুৱাহাটী,১৬ মে':নাৰেংগীৰ সেনা চাউনীত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাৰ সংবাদমেল। সংবাদমেলত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে।সাৰ্বভৌমত্ব বিষয়ত চৰকাৰে আলফাৰ সৈতে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে।আলোচনা কৰিবলগীয়া হ’লে আলফাই সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিব লাগিব তেও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীৰ ব্ৰহ্মপুত্ৰ হলত আয়োজিত ইষ্টার্ণ কমাণ্ডৰ সংবাদ মেলখনত কলিতাই কয়,শেহতীয়াভাৱে আলফালৈ যোৱাসকলৰ বহুতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্ন অপৰাধৰ লগত জড়িত।
তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতে অপৰাধৰ লগত জড়িত থকাৰ বহু তথ্য পোৱা গৈছে।কিন্তু শেহতীয়াভাৱে আলফালৈ যোৱাসকলৰ বেছিভাগেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আলফাৰ সৈতে সংযোগ স্থাপন কৰি ম্যানমাৰ সীমান্ত পাৰ হৈ আলফাৰ শিবিৰলৈ যোৱাৰ তথ্য পোৱা গৈছে।ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ পহৰা থাকে যদিও দুয়োখন দেশৰ মাজত এখন দেশৰ নাগৰিকে আন এখন দেশৰ ১৬ কিঃমিঃ ভিতৰলৈ কোনো ধৰণৰ কাগজ-পত্ৰ নথকাকৈ অহা-যোৱা কৰিব পাৰে।
এই সুবিধাৰ গইনা লৈও একাংশই ম্যানমাৰৰ ভিতৰত থকা আলফাৰ শিবিৰলৈ যাব পাৰে বুলি ধাৰণা কৰা হৈছে।অসমৰ যুৱক-যুৱতীসকলক ৰাণা প্ৰতাপ কলিতাই আহ্বান জনায় যে, তেওঁলোক যাতে কোনো কাৰণতে নিজৰ সমাজখন, পৰিয়ালটো এৰি আলফালৈ নাযায়।আলফা এতিয়া উজনি অসমৰ কিছু সীমিত পৰিসৰত সক্ৰিয় হৈ আছে।যাৰ বাবে তাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহৰ কৰিব পৰা নাই নাই বুলি কলিতাই মন্তব্য কৰে। লগতে তেওঁ কয় যে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে সক্ৰিয় হৈ থকা আলফাই হত্যা-হিংসাৰে সমস্যাৰ সমাধান কৰিব নোৱাৰে।
Comments