গুৱাহাটী,১৭ মে’: ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু কামপুৰত কপিলী নৈ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে ৷ বিধ্বংসী বানত ৰাজ্যৰ ২০ খন জিলা আৰু ৪৬ টা ৰাজহ চক্ৰ ক্ষতিগ্ৰস্ত হৈছে।বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰবানত এতিয়ালৈকে উজনি অসমৰ অধিকাংশ জিলা যথেষ্ট পৰিমাণে ক্ষতিৰ সম্মুখীন হৈছে ৷ তথ্য মতে, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, দৰং, ডিব্ৰুগড়, হোজাই, কাৰ্বি আংলং, লখিমপুৰ, শোণিতপুৰ, নগাঁও, তামুলপুৰ, ওদালগুৰি জিলা বানত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ বিধ্বংসী বানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বৰ্তমানলৈকে ৬৫২ খন গাঁও বিধ্বস্ত হৈছে ৷
এতিয়ালৈকে ১,৯৭,২৪৮ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে বানত ৬৮,৭৪০ গৰাকী শিশু ক্ষতিগ্ৰস্ত হৈছে ৷ বানত কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ বাঢ়নী পানীয়ে কৃষকৰ বৰো ধান, মৰাপাটকে ধৰি শাক-পাচলিসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ৰাজ্যত বানত এতিয়ালৈকে ১৬,৬৪৫.৬১ হেক্টৰ কৃষি ভূমি নষ্ট হৈছে ৷ এই সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বানত এতিয়ালৈকে ৪৯,৪৭৪ টাকৈ পশুধনৰ ক্ষতি হৈছে ৷ বিধ্বংসী বানত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷
Comments