তিনিচুকীয়া,২০ মে’: দলু চাহ বাগিচাৰ উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰি তিনিচুকীয়া জিলাত প্ৰতিবাদ অব্যাহত আছে। অসম চাহ মজদূৰ সংঘৰ উদ্যোগত বিভিন্ন চাহ বাগিচাত প্ৰতিবাদ জনাই আহিছে। আজি তিনিচুকীয়াৰ এথেলবাৰী চাহ বাগিচাত শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে।
বাগিচা গোটৰ সভাপতি হীৰা খাৰিয়া, সম্পাদক বিনোদ প্ৰজাৰ নেতৃত্বত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা চৰকাৰৰ হঠকাৰীতাক শ্ৰমিক সকলে গৰিহণা দিয়ে।এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম চাহ মজদূৰ সংঘৰ উপ সভাপতি, প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে বিজেপিয়ে চাহ শ্ৰমিক সকলক মানুহ হিচাপে গণ্য কৰিব নিবিচাৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
সকলো সময়তে খিলঞ্জীয়া বুলি কোৱা চাহ জনগোষ্ঠীক, বিজেপি চৰকাৰে বাংলাদেশীৰ দৰে চাহ শ্ৰমিক সকলক বসবাসস্থলী চাহ বাগিচাখন উচ্ছেদ কৰিবলৈ অকনো দ্বি-ধাবোধ কৰা নাই বুলিও চাহুৱে উল্লেখ কৰে । চৰকাৰৰ এই শ্রমিক বিৰোধী হঠকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে নিন্দা কৰিছে অসম চাহ মজদুৰ সংঘই।
অসমৰ বিভিন্ন ঠাইত এই দৰে উদ্যোগ নিৰ্মাণৰ আছিলা লৈ অসমৰ বহু কেইখন চাহ বাগিচা উচ্ছেদ কৰিবলৈ চেষ্টা কৰি আছে বুলিও সংঘই গুৰুত্বৰ অভিযোগ কৰিছে । বিজেপি চৰকাৰে এইদৰে উচ্ছেদ অভিযান চলাই হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ জীৱন অন্ধকাৰ কৰিব খোজা কাৰ্য্য অচিৰেই বন্ধ কৰিবলৈ অসম চাহ মজদূৰ সংঘই দাবী জনাইছে ।
Comments