গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’ ঃ ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহ ব্যৱহাৰ কৰোঁতে আপুনি সজাগ হওক৷ চিন্তা নকৰাকৈ ফে’চবুক, টুইটাৰ, হোৱাটছআপ, ইন্ষ্টাগ্ৰাম আদি ব্যৱহাৰ কৰি আপুনি বিপদতো পৰিব পাৰে৷ সেয়েহে ডিজিটেল জগতখন সন্দৰ্ভত ৰাইজক সজাগ আৰু সচেতন কৰি কৰি তোলাৰ বাবে ‘মেটা’ৰ সহযোগত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান৷
উই থিং ডিজিটেল নামৰ এই অভিযানত মেটা, অসম আৰক্ষী আৰু ইণ্ডিয়ান ফিউচাৰ ফাউণ্ডেশ্যনে অংশগ্ৰহণ কৰিছে৷ আজি গুৱহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটিত ডিজিটেল সাক্ষৰতা সম্পক¹য় এই অভিযানৰ শুভাৰম্ভণী অনুষ্ঠানত অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ সচিব ঘনশ্যাম দাস, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং,
যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক কনিষ্ক গৌড়, ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ উপদেষ্টা কৰ্নেল সুনীল কপিলা, চাইবাৰ বিশেষজ্ঞ অংকিত নায়ককে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷ অনুষ্ঠানত ইণ্টাৰনেট জগতত শিশুৰ সুৰক্ষা সম্পৰ্কত বিশেষভাৱে আলোচনা হয়৷
ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বিশেষজ্ঞসকলে মত বিনিময় কৰাৰ লগতে ফে’চবুক, টুইটাৰ, হোৱাটছআপ, ইন্ষ্টাগ্ৰাম আদি ব্যৱহাৰৰ সন্দৰ্ভত বিশেষভাৱে সজাগ হোৱাৰ বাবে আহ্বান জনায়৷ আনহাতে গুৱহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয় যে আজিৰ তাৰিখত সকলো লোকেই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷
এই ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহ ব্যৱহাৰ কৰি কিদৰে লাভৱান হ’ব পাৰি, সেই সন্দৰ্ভত আমি সকলোৱে গুৰুত্ব দিব লাগে৷ সেয়েহে আমি মেটা লগতে ইণ্ডিয়ান ফিউচাৰ ফাউণ্ডেশ্যনৰ সৈতে লগ লাগি আজি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ৷ আনহাতে অভিভাৱকসকলক বিশেষভাৱে আহ্বান জনাই তেওঁ কয় যে আপোনাৰ সন্তানে কিদৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে সেয়া চাওক৷
কোনোবাই যদি ছ’চিয়েল মিডিয়া বেয়া কামত ব্যৱহাৰ কৰি আছে, তেনেহ’লে তেওঁলোকক বুজাওক বা আমাৰ সৈতে যোগাযোগ কৰক আমি তেওঁলোকক পৰামৰ্শ দিম৷ ইফালে ম’বাইল লটাৰী জিকিছে বুলি অহা মেছেজক গুৰুত্ব নিদিবলৈ আহ্বান জনাই তেওঁ কয় যে এনে মেছেজ আনলৈকো নপঠাব৷ চিন্তা কৰিহে যিকোনো কাম কৰিব৷
আনহাতে ফে’চবুক ইণ্ডিয়াৰ ভাৰতৰ অন্যতম বিষয়া সত্য যাদৱে কয় যে ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহ সকলো বয়সৰ লোকৰ বাবে উপযোগী কৰি নিৰ্মাণ কৰা হৈছে৷ মেটাই তেওঁলোকৰ ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহ ব্যৱহাৰ কৰাসকলৰ সুৰক্ষাৰ দিশটো গুৰুত্ব দি আহিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ২০১৯ চনৰ এক তথ্য অনুসৰি ভাৰতত ৩১ শতাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বয়স হৈছে ১২পৰা ১৯ বছৰৰ ভিতৰত৷ সেয়েহে আমি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ৷
আনহাতে ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ উপদেষ্টা কৰ্নেল সুনীল কপিলাই কয় যে আজিৰ তাৰিখত সুৰক্ষিতভাৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো সকলোতকৈ ডাঙৰ কথা হৈ পৰিছে৷ তেওঁ কিদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভতো কিছু পৰামৰ্শ আগবঢ়ায়৷
মন কৰিবলগীয়া কথা যে অসম আৰক্ষীয়ে ফে’চবুক, টুইটাৰ, হোৱাটছআপ, ইন্ষ্টাগ্ৰাম আদি ব্যৱহাৰৰ সন্দৰ্ভত অনাগত দিনতো বিশেষ সজাগতা অভিযান চলাব৷ এই অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰায় দহ হাজাৰ যুৱক-যুৱতীক ডিজিটেলি সাক্ষৰ কৰি তোলাৰ লক্ষ্য হাতত লোৱা হৈছে৷
Comments