জামুগুৰি আৰু গোলাঘাটৰ নিজা প্ৰতিবেদকদ্বয়, ২০ মে’ ঃ গোলাঘাটৰ আঠখেলীয়াত আজি পুৱতি নিশা সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য৷ গোলাঘাটৰ আঠখেলীয়া বেবেজীয়া চাৰিঙীয়া গাঁৱৰ এজন ব্যক্তিৰ নৃশংসতাৰ বলি হ’ল এটা পৰিয়াল৷
পুৱতি নিশা সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ ঘটনাই আজি দিনটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে৷ ঘটনা অনুসৰি নিজা গৃহৰ ভিতৰতেই চোকা অস্ত্ৰৰে এজন ব্যক্তিক নৃশংসভাৱে হত্যা কৰাৰ লগতে তেওঁৰ সাত বছৰীয়া পুত্ৰ আৰু পত্নীকো গুৰুতৰভাৱে আহত কৰে৷
বেবেজীয়া গাঁৱৰ নিৱাসী তিতাৰাম দাসৰ পুত্ৰ দিব্যজ্যোতি দাস ওৰফে দীপেন দাস[৩২] নামৰ ব্যক্তিজনক ওচৰৰে আবুল আহমেদৰ পুত্ৰ নাজিদুৰ ৰহমানে[২৭] চোকা অস্ত্ৰৰে ডিঙি আৰু মূৰত ঘপিয়াই হত্যা কৰি নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুট কৰি নিয়ে৷ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত নাজিদুৰ ৰহমানে ডকাইতি কৰাৰ উদ্দেশ্যেৰে দীপেন দাসৰ ঘৰত প্ৰৱেশ কৰিছিল৷
ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নাজিদুৰে আলমাৰিৰ পৰা নগদ ধন আৰু আ- অলংকাৰ আদি উলিয়াই লওঁতেই দীপেন দাসে সাৰ পাই যায়৷ গভীৰ নিশা ঘৰৰ ভিতৰত নাজিদুৰক দেখি দীপেনে হতভম্ব হৈ ধৰিবলৈ লওঁতেই নাজিদুৰ ৰহমানে হাতত লৈ অনা চোকা অস্ত্ৰৰে দীপেনক উপৰ্যুপৰি ঘপিয়ায়৷ লগে লগে দীপেন দাস মাটিত ঢলি পৰি মৃত্যুক আঁকোৱালি লয়৷
দীপেনৰ পত্নী চুম্পী দাসে স্বামীক ৰক্ষা কৰিবলৈ আহোঁতে নাজিদুৰে তেওঁকো ঘপিয়ায়৷ ইফালে, দীপেন দাসৰ জ্জ বছৰীয়া পুত্ৰ প্ৰিয়ম দাসকো দুৰ্বৃত্তই আঘাত কৰাত কণমানিটোৱে কৌশলেৰে নিজৰ ঘৰৰ খটখটীৰ পৰা জাঁপ মাৰি একেখন চোতালতে থকা ককাক-আইতাকক মোক কাটিলে বুলি চিঞৰ-বাখৰ কৰাত দদায়েকে সাৰ পাই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে৷
দদায়েকে ওলাই আহি দেখে যে একে গাঁৱৰে নাজিদুৰ ৰহমান নামৰ ব্যক্তিজনে ভতিজাক প্ৰিয়মৰ মূৰত এখন ছুৰীৰে আঘাত কৰিছে৷ লগে লগে দদায়েকে খেদি নিয়াত অপৰাধী নাজিদুৰ ৰহমান দৌৰি পলাই নিজৰ ঘৰত আত্মগোপন কৰে৷ দদায়েকে ঘূৰি আহি ঘৰৰ ভিতৰত ককায়েক দিব্যজিৎ দাসৰ ক্ষত-বিক্ষত অৱস্থাত নিথৰ দেহ পৰি থকা দেখা পায় আৰু ইতিমধ্যে ককায়েক দিব্যজিৎ দাসৰ মৃত্যু হোৱা বুলি জানিব পাৰে৷
লগতে বৌৱেক চুম্পী দাস[২৭]গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ছট্ফটাই থকা দেখা পায়৷ ইফালে সাত বছৰীয়া পুত্ৰ প্ৰিয়ম আৰু চুম্পী দাসক চিকিৎসাৰ বাবে ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজলৈ নিয়ে যদিও চিকিৎসকে প্ৰিয়মৰ সংকটজনক অৱস্থাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
ইফালে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা উত্তেজিত ৰাইজে অপৰাধী নাজিদুৰ ৰহমানৰ ঘৰ ঘেৰাও কৰি তেওঁৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে ব্ৰইলাৰ কুকুৰা পালন কৰা আৰু তেওঁৰ বাসগৃহতো অগ্নি সংযোগ কৰে৷ লগে লগে ঘটনাস্থলীত ঘিলাধাৰী, মেৰাপানী আৰু গোলাঘাট আৰক্ষী আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকসহ দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷
জানিব পৰা মতে, ঘিলাধাৰী আৰক্ষীয়ে অপৰাধী নাজিদুৰ ৰহমানক ইতিমধ্যে কৰায়ত্ত কৰিছে৷ তাৎপৰ্যপূৰ্ণ যে হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰা নাজিদুৰ ৰহমান ড্ৰাগ্ছ ব্যৱসায় আৰু ড্ৰাগ্ছ সেৱনৰ লগত জড়িত বুলিও ৰাইজে জানিবলৈ দিয়াৰ লগতে ঘটনাটোত একাধিক ব্যক্তি জড়িত বুলিও ৰাইজে সন্দেহ কৰিছে৷
ঘটনাৰ সন্দৰ্ভত বৰ্তমানেও অঞ্চলটোত উত্তেজনা অব্যাহত আছে৷ আনহাতে, হত্যাকাণ্ডৰ বলি হোৱা দীপেন দাসৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্থানীয় একাংশ ৰাইজে মৃতদেহ লৈ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত সমৱেত হৈ হত্যাকাৰীক উপযুক্ত শাস্তিৰ দাবী জনায়৷ ৰাইজৰ এই প্ৰতিবাদৰ মাজতে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্ত মন্ত্ৰী অজন্তা নেওগ প্ৰতিবাদস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়৷
মন্ত্ৰীগৰাকীয়ে লগতে পৰিয়াল আৰু স্থানীয় ৰাইজৰ এটা প্ৰতিনিধিৰ দলৰ সৈতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মুৰব্বীসকলৰ লগত আলোচনাত মিলিত হয়৷ এই আলোচনাত মন্ত্ৰী নেওগে আৰক্ষীক ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি বিহিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰী নেওগে লগতে পৰিয়াল তথা ৰাইজক বৰ্তমান সময়ত ধৈৰ্য ধৰিবলৈ আহ্বান জনোৱাৰ লগতে গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা চুম্পী দাস আৰু কণমানি প্ৰিয়মৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ কথা ৰাজহুৱা কৰে৷
তেওঁ জি এন আৰ চিৰ চিকিৎসকৰ লগত সঘনে যোগাযোগ কৰি সকলো চিকিৎসাৰ ব্যৱস্থা হাতত লোৱাৰ কথাও ৰাইজক অৱগত কৰে৷ এই আলোচনাৰ পাছতে পৰিয়ালৰ লোকসকলে দীপেন দাসৰ মৃতদেহ লৈ গৃহাভিমুখে গমন কৰে৷ পৰৱৰ্তী সময়ত মন্ত্ৰী অজন্তা নেওগে দীপেন বৰাৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে প্ৰতিটো মুহূৰ্তত পৰিয়ালটোৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷
Comments