গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’ ঃ মহানগৰীত আজি দিন দুপৰাতে সংঘটিত হ’ল এটা নৃশংস¸ হত্যাকাণ্ড৷ গুৱাহাটীৰ জাপৰিগোগৰ কৃষ্ণ নগৰত এজন ভাৰাতীয়াই ঘৰৰ মালিকক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে৷ আজি দিনৰ প্ৰায় ১১-১৫ বজাত সংঘটিত এই নাৰকীয় ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ভাৰা ঘৰৰ মালিক হেমধৰ বৰুৱা [৭৫]ক হত্যা কৰি ঘাতক ধৰণী ডেকা [৫৫]ই দিছপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷ উল্লেখযোগ্য যে জাপৰিগোগ কৃষ্ণ নগৰৰ বিক্ৰমপুৰত হেমধৰ বৰুৱাৰ ঘৰত [ঘৰ নং ৪৩] ২০২১ চনৰ পৰা পত্নী আৰু দুই সন্তানসহ ভাৰাতীয়া হিচাপে আছিল ধৰণী ডেকা৷
আজি তিনিমহলীয়া ঘৰটোৰ ছাদৰ ওপৰত ধৰণী ডেকাই দাৰে মূৰ আৰু গুপ্তাংগত ঘপিয়াই হেমধৰ বৰুৱাক হত্যা কৰে৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই ধৰণী ডেকাই পত্নীসহ দিছপুৰ আৰক্ষী থানালৈ গৈ আত্মসমৰ্পণ কৰে৷ ইফালে পৰিয়ালৰ লোক আৰু ওচৰ চুবুৰীয়াই মুমূষুৰ্ অৱস্থাত হেমধৰ বৰুৱাক দিছপুৰ পলিক্লিনিকলৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ধৰণী ডেকাই অভিযোগ কৰে যে আজি বহুদিন ধৰি ঘৰৰ মালিক হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীক অশ্লীল ইংগিত প্ৰদানৰ উপৰি শাৰীৰিক আতিশয্য চলাই আহিছিল৷ আজিও ছাদৰ ওপৰত ধৰণী ডেকাৰ পত্নীয়ে কাপোৰ মেলিবলৈ আহোঁতে হেমধৰ বৰুৱাই অনুৰূপ আচৰণ কৰিছিল৷
কিন্তু ঘাতক ধৰণী ডেকাৰ এই অভিযোগ খণ্ডন কৰিছে হেমধৰ বৰুৱাৰ আত্মীয়, আন ভাৰাতীয়া আৰু ওচৰ চুবুৰীয়াই৷ হেমধৰ বৰুৱা এজন সৎ-চৰিত্ৰৱান লোক আছিল বুলি তেওঁলোকে দাবী কৰিছে৷ দিছপুৰ আৰক্ষীৰ এটা দলে এ চি পিৰ নেতৃত্বত হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ ওচৰত পত্নীসহ আত্মসমৰ্পণ কৰা ধৰণী ডেকাক দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷
প্ৰণিধানযোগ্য যে হেমধৰ বৰুৱা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷ কৰ্মসূত্ৰে হেমধৰ বৰুৱাৰ পুত্ৰ বহিঃৰাজ্যত থাকে৷ পত্নীসহ হেমধৰ বৰুৱা নিজ গৃহত বাস কৰি আছিল৷ আনহাতে ঘাতক ধৰণী ডেকা এজন সংবাদকম¹৷ হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত ধৰণী ডেকাই দুই পুত্ৰ সন্তানক আত্মীয়ৰ ঘৰত থৈ পত্নীসহ থানালৈ আহে৷
নিৰ্দয় কাণ্ড সংঘটিত কৰিলেও ‘মোৰ কোনো অনুশোচনা নাই, তেওঁক মাৰিবলৈয়ে এই কাম কৰিছোঁ৷’– আৰক্ষীৰ ওচৰত অকপটে এইদৰে কয় ঘাতকে৷ দিছপুৰ আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব৷
Comments