যোৰহাট ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মে’ ঃ ৰাজ্য চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদিনাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [গ্ৰামীণ] অধীনত ৫১০ লাখ হিতাধিকাৰীক গৃহৰ আবণ্টন আৰু প্ৰথম কিস্তিৰ পুঁজি প্ৰদান কৰে৷
আজি যোৰহাট ক’ৰ্ট ফিল্ডত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ৰাজ্যখনৰ ৫.১০ লাখ হিতাধিকাৰীক গৃহ আবণ্টন আৰু পুঁজি বিতৰণৰ কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সভাখনত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি আমাৰ ৰাজ্যখনৰ বাবে স্মৰণীয় দিন৷
যোৰহাটৰ পৰা নতুন কৰ্মযজ্ঞ আৰম্ভ কৰিছোঁ৷ ২০১৪ চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব পোৱাৰ পাছত অসমক ১৯ লাখ ঘৰ মঞ্জুৰি দিছিল৷ এই মঞ্জুৰি প্ৰস্তাৱ কৰোঁতে ২৭০০ কোটি টকা খৰচ কৰিব লাগিব৷
ইতিমধ্যে 7 লাখ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ আজি আমি ৫.১০ লাখ ঘৰ নিৰ্মাণৰ বাবে শুভাৰম্ভ কৰিছোঁ৷ অনাগত দিনত আৰু 7 লাখ গৃহ নিৰ্মাণ কৰা হ’ব৷ যোৰহাটৰ ১২ হাজাৰ হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ধন আদায় দিয়া হৈছে৷ আমাৰ মন্ত্ৰীসকল অন্য জিলালৈ গৈ এই ঘৰ দিয়াৰ প্ৰথম কিস্তি মুকলি কৰাৰ ব্যৱস্থা কৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এজন হিতাধিকাৰীয়ে ঘৰ নিৰ্মাণৰ বাবত ১ লাখ ৫১ হাজাৰ টকা পায়৷ যদি দুন¹তি নহয় আৰু উপায়ুক্তসকলে নিৰ্মাণ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি দিব পাৰে, তেতিয়া হ’লে মানুহে এই ধনতে ভাল ঘৰ নিৰ্মাণ কৰিব পাৰিব৷
ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত মধ্যভোগী হিচাপে কাকো এটকাও ঘোচ নিদিবলৈ হিতাধিকাৰীসকলক আহ্বান জনাই ড॰ শৰ্মাই কয় যে যদি কোনো লোকে ধন বিচাৰে, তেতিয়া উপায়ুক্ত, বিধায়ক অথবা মুখ্যমন্ত্ৰীগৰাকীক জনাবলৈ কৈছে৷ তেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব৷
আনহাতে, দুখীয়া লোকৰ বাদেও যিসকল ধনী লোকে ঘৰ পালে ১৪০০১২৩২৩৫৬০০ নম্বৰত খবৰ দিবলৈ জনাইছে৷ সঠিক খবৰ হ’লে ধনী লোকৰ ঘৰ কৰ্তন কৰাৰ উপৰি ঘৰ দিয়া লোকজন জে’ললৈ যাব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে৷ যোৰহাটৰ চাৰি হাজাৰ চাহ শ্ৰমিকৰ বাবে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যে বাগিচাৰ মালিক-পৰিচালকসকলে চাহ শ্ৰমিকক ঘৰ নিৰ্মাণ কৰিবলৈ এন অ’ চি প্ৰদান কৰিব৷
মালিকপক্ষই নিদিলে মই এন অ’ চি প্ৰদান কৰিম৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ লাখ নতুনকৈ ঘৰ আবণ্টন দিছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই ঘৰসমূহ নিৰ্মাণ কৰিব পাৰিলে দৰিদ্ৰতা বহু পৰিমাণে নিৰ্মূল হ’ব৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাক পানী, বিদ্যুৎ ব্যৱস্থা, ৰাস্তা নিৰ্মাণ কৰা আদি বহু ক্ষেত্ৰত সুবিধা কৰি দৰিদ্ৰতা নিৰ্মূল কৰাত সুবিধা কৰি দিছে৷ নিবনুৱাৰ সংস্থাপনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এক লাখ ল’ৰা-ছোৱালীক চাকৰি দিয়া হ’ব৷ ইয়াৰে ২৯ হাজাৰ চাকৰি দিয়া হৈছে৷ আৰু ৭০ হাজাৰ চাকৰি দিম৷ কৃষি, উদ্যোগ ক্ষেত্ৰত দুই লাখ ল’ৰা-ছোৱালীক কৰ্ম সংস্থাপন দিয়া হ’ব৷
আমাৰ দৰিদ্ৰ ল’ৰা-ছোৱালীয়ে এটকাও ঘোচ নিদিয়াকৈ চাকৰি পাইছে৷ অনাগত দিনতো দুন¹তি নোহোৱাকৈ চাকৰি দিম৷ ২০২৬ চনৰ ভিতৰত ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে ব্যৱস্থা কৰা হৈছে৷ মহিলাসকলক আত্মসহায়ক গোটৰ জৰিয়তে কৰ্মমুখী কৰিবলৈ ব্যৱস্থা কৰিছোঁ৷ অৰুণোদয় আঁচনিত ৬ হাজাৰ নতুন হিতাধিকাৰীক দিয়া ব্যৱস্থা কৰা হৈছে৷
আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ অসমখনক নতুন ৰূপত সজাই তোলাৰ প্ৰচেষ্টা কৰিছোঁ৷ ইফালে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে হাফলঙৰ পৰিস্থিতিৰ সম্পৰ্কে কয় যে হাফলঙলৈকে দুই-এখন গাড়ী যাব পাৰিছে৷ কিন্তু জাতিংগাৰ পৰা হাফলঙলৈকে ৰাস্তাটো খুবেই বেয়া৷ ৰাতিপুৱা আমি যোৰহাটৰ পৰা হাফলঙলৈকে ১৪ টন খাদ্য সামগ্ৰী পঠাইছোঁ৷
যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে সৰু সৰু কাৰ্যালয়সমূহ উজনি অসম আয়ুক্ত কাৰ্যালয়ৰ লগত নিৰ্মাণ হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উপায়ুক্ত কাৰ্যালয়টো ইণ্টিগ্ৰেটেড কাৰ্যালয় হিচাপে নিৰ্মাণ হ’ব৷ বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয়টো মিউজিয়াম হিচাপে থাকিব৷ যোৰহাট ষ্টেডিয়ামখন পূৰ্ণাংগ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ’ব৷
যোৰহাট জে’লতো স্বাধীনতা সংগ্ৰামীসকলৰ সোঁৱৰণত উদ্যান নিৰ্মাণ কৰা হ’ব৷ ষ্টেডিয়ামৰ বাবে ২০০ কোটি, লাচিত মৈদামৰ সমাধিক্ষেত্ৰৰ বাবে ১.২০ কোটি, জে’লৰ উদ্যানৰ বাবে ৮০ কোটি মুঠ যোৰহাটৰ বাবে ৩০০-৪০০ কোটি টকা লাগিব৷ অহা আগষ্ট মাহৰ আগতে কাৰ্যসমূহৰ শুভাৰম্ভ কৰা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত ফ’ৰলেনৰ কাম এই বছৰত সমাধা কৰিব বুলি সদৰী কৰি কয় যে ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গডকাৰিক লগ কৰি সকলো কথা কোৱা হৈছে৷ সভাখনত সন্মানীয় অতিথি হিচাপে অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ভাষণত কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে তেও এটা কাম কৰিলে৷
সেইটো হ’ল উত্তৰ-পূবৰ লগত দিল্লীৰ মাজৰ দূৰত্ব হ্ৰাস কৰে৷ এনে এটা মাহ নাই, য’ত মন্ত্ৰীসকলে ইয়াত বিভাগীয় কাম-কাজ চাবলৈ অহা নাই৷ পথ, জলপথ সংযোগ অথবা যোগাযোগ আদি সকলো দিশেৰে এতিয়া প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ আত্মা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে৷
উত্তৰ- পূৱৰ বিকাশৰ অবিহনে দেশৰ বিকাশ সম্ভৱ নহয়৷ আমাৰ চৰকাৰে উত্তৰ-পূবত ২৪ লাখ ঘৰ আবণ্টন দিছোঁ৷ ইয়াৰে ১৫ লাখ ঘৰ অসমৰ বাবে আবণ্টন দিছে৷ আজি 7 লাখ ঘৰ মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিব৷ প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ অধীনত ৪২ হাজাৰ কিল’মিটাৰ পথ দিয়াৰ পণ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
পূৰ্বৰ চৰকাৰৰ দিনতকৈ আজিৰ চৰকাৰে এই ক্ষেত্ৰত ২৮ হাজাৰ কোটি টকা পথ নিৰ্মাণৰ বাবে মোকলাই দিছে৷ দেশৰ গ্ৰামাঞ্চলৰ ১০ কোটি মহিলাৰ বিকাশৰ যোজনাৰে সামৰি লোৱাৰ পণ কৰিছে৷
আৱাস যোজনাৰ অধীনত যোৱা সাত বছৰত মোদীয়ে ৩ কোটি গ্ৰামীণ দুখীয়া পৰিয়ালক ঘৰ দিছে৷ তদুপৰি ১১৫০০ জন কৃষকক প্ৰত্যক্ষভাৱে বছৰি ৬ হাজাৰ টকাকৈ আমাৰ চৰকাৰে প্ৰদান কৰিছে৷ উজলা যোজনাৰ অধীনত ১০ কোটি পৰিয়ালক বিজুলীৰ ব্যৱস্থা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কৰ’নাকালত ৮০ কোটি জনসাধাৰণক ঘৰত চাউলৰ ব্যৱস্থা কৰিছিল৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী আঁচনিৰ কথা সদৰী কৰে৷ সভাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণ্জিৎ কুমাৰ দাসেও ভাষণ আগবঢ়ায়৷ সচিব জে বি এক্কাই আদৰণী ভাষণ দিয়া সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে৷
অনুষ্ঠানটোত যোৰহাটৰ বিভিন্ন ব্লকৰ হিতাধিকাৰী কল্পনা ৰবিদাস, মাণিক তাঁতী, ৰাজু গগৈ, তিলক শইকীয়া, ৰাজীৱ শইকীয়া, চম্পা ভূঞা, হাছনা বেগম, পিংকু দাস, মাধৱ টাই, চুনু নায়ক, ভূপেন দাসক প্ৰতীকী হিচাপে মুখ্যমন্ত্ৰীয় আবণ্টন পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানটোত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, বিধায়ক ভৱেন ভৰালী, ভাস্কৰ বৰুৱা, ৰূপজ্যোতি কুৰ্মি আদি উপস্থিত থাকে৷
Comments