গুৱাহাটী,২০ মে':নৱজ্যোত সিং সিদ্ধুৱে উচ্চতম ন্যায়ালয়ক স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰি আত্মসমৰ্পণ কৰিবলৈ সময় দিবলৈ অনুৰোধ জনাইছে।সিদ্ধুৰ উকীল অভিষেক মনু সিংভিয়ে স্বাস্থ্যজনিত কাৰণত আত্মসমৰ্পণ কৰিবলৈ কেইসপ্তাহমানৰ বাবে সময় বিচাৰিছে উচ্চতম ন্যায়ালয়ক।কিন্তু মুখ্য ন্যায়াধীশে এনেধৰণৰ কোনো গোচৰ শুনিবলৈ অস্বীকাৰ কৰিছে।এনে পৰিস্থিতিত আজি আৱেদনখন শুনিবলৈ অলপ আশা নাই।উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নৱজ্যোত সিদ্ধুক ১৯৮৮ চনৰ পথ আক্ৰমণৰ গোচৰত এবছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছিল।
ঘটনাটোত এজন ৬৫ বছৰীয়া ব্যক্তি নিহত হৈছিল। শীৰ্ষ ন্যায়ালয়ে কৈছিল যে কম শাস্তি প্ৰদানৰ বাবে যিকোনো সহানুভূতিয়ে ন্যায় ব্যৱস্থাৰ অধিক ক্ষতি কৰিব আৰু আইনৰ কাৰ্যকাৰীতাৰ ওপৰত জনসাধাৰণৰ আস্থা হ্ৰাস কৰিব।সিদ্ধুক আগতে ১,০০০ টকাৰ জৰিমনা আৰোপ কৰি ৰেহাই দিয়া হৈছিল। এতিয়া, আইপিচিৰ ধাৰা ৩২৩ ৰ অধীনত সৰ্বাধিক সম্ভৱ শাস্তি সিদ্ধুক প্ৰদান কৰা হৈছে।শীৰ্ষ ন্যায়ালয়ে ২০১৮ চনত সিদ্ধুক দোষী সাব্যস্ত কৰি গোচৰটোত তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰিছিল,কিন্তু তেওঁক এজন জ্যেষ্ঠ নাগৰিকক আঘাত দিয়াৰ বাবে দোষী সাব্যস্ত কৰিছিল।পিছত ২০১৮ চনৰ ছেপ্টেম্বৰত, শীৰ্ষ ন্যায়ালয়ে মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা দাখিল কৰা পুনৰীক্ষণ আৱেদন পৰীক্ষা কৰিবলৈ সন্মত হৈছিল আৰু ইয়াৰ ওপৰত সিদ্ধুক জাননী জাৰি কৰিছিল।
Comments