Classifieds
View All
গুৱাহাটী,২০ মে':টাটা গ্ৰুপ পৰিচালিত এয়াৰ ইণ্ডিয়াৰ এখন এ৩২০নিঅ' বিমান উৰণৰ মাত্ৰ ২৭ মিনিট পিছতেই মুম্বাই বিমানবন্দৰলৈ উভতি আহিছিল কিয়নো ইয়াৰ এটা ইঞ্জিন কাৰিকৰী সমস্যাৰ বাবে মধ্য আকাশতেই বন্ধ হৈ গৈছিল।এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই লগতে কৈছিল যে বৃহস্পতিবাৰে বিমান পৰিৱৰ্তনৰ কৰি পিছত যাত্ৰীসকলক গন্তব্য স্থান বেংগালুৰুলৈ উৰুৱাই নিয়া হৈছিল। বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে এই ঘটনাৰ তদন্ত চলাই আছে।এয়াৰ ইণ্ডিয়াৰ এ৩২০নিঅ' বিমানবোৰত চিএফএমৰ লিপ ইঞ্জিন আছে।
এ৩২০নিঅ' বিমানখনৰ পাইলটসকলে পুৱা ৯.৪৩ বজাত ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমানখন প্ৰস্থান কৰাৰ কেইমিনিটমান পিছ তেই এটা ইঞ্জিনত উচ্চ এক্সজষ্ট গেছৰ তাপমাত্ৰাৰ বিষয়ে সতৰ্কবাণী লাভ কৰিছিল।সেইবাবে মুম্বাই বিমানবন্দৰলৈ পুনৰ উভতি আহিছিল বিমান খন।
Comments