গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’ ঃ ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈয়ে আছে৷ বছৰৰ প্ৰথমটো বানৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমি…লনত সৰ্বাধিক ক্ষতিগ্ৰস্ত ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ অৱস্থাও অবৰ্ণনীয় হৈয়ে আছে৷
ৰাজ্য চৰকাৰে সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলালৈ বান সাহায্যৰ বাবত মুঠ ৫৯.৫৯ কোটি টকা মুকলি কৰি দিছিল৷ বানাক্ৰান্ত জিলাসমূহৰ বন্যাৰ্ত লোকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য দিয়া হৈছে যদিও বানত সৰ্বস্বান্ত হোৱা লোকে পৰ্যাপ্ত বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে৷
জেঠৰ বান আৰু ভূমি…লনৰ ফলত বেছি ক্ষতিগ্ৰস্ত জিলাকেইখন হ’ল ডিমা হাছাও, বৰাক উপত্যকাৰ তিনিওখন জিলা আৰু হোজাই৷ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি ডিমা হাছাও আৰু বৰাক উপত্যকাৰ বান আৰু ভূমি…লনত ক্ষতিগ্ৰস্তসকলক বান সাহায্য প্ৰদানৰ বাবে ২ কোটিকৈ টকা মুকলি কৰি দিছে৷
কপিলী নৈৰ সংহাৰত বিধ্বস্ত হৈ পৰা হোজাই জিলালৈ যোৱা ১১ মে’ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বান সাহায্যৰ বাবত ৮০ লাখ টকা মুকলি কৰি দিছিল৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ নিমাতীঘাটত পানী বিপদসীমাৰ ওপৰত আছে৷ কপিলী নৈৰ পানী কামপুৰ আৰু ধৰমতুলত বিপদসীমাৰ ওপৰত আছে৷
কামপুৰত পুনৰ এজন লোকৰ মৃত্যুৰ পাছত মৃতকৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে৷ বানৰ কবলত পৰা জিলাৰ সংখ্যা ২৯খনলৈ বৃদ্ধি পাইছে৷ বানৰ ফলত ৰাজ্যত মুঠ ১৬টা মথাউৰি বা বান্ধ ক্ষতিগ্ৰস্ত হৈছে যদিও জলসম্পদ বিভাগৰ মথাউৰি এই পৰ্যন্ত এটাও ভঙা নাই৷ কৃষি বান্ধ,¸ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বান্ধ ক্ষতিগ্ৰস্ত হৈছে৷ বান আৰু কবলত পৰা ৭৫টা ৰাজহ চক্ৰৰ মুঠ ১৭৯০খন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷
বানাক্ৰান্তসকলৰ বাবে মুঠ ১৬৭টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ডিমা হাছাও জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈ বাহৰ পাতি আছে মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা৷ আনহাতে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি কপিলী নৈৰ বানে জুৰুলা কৰা ৰহা সমষ্টিৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰে৷
নগাঁৱত বানত এজনৰ মৃত্যু, দুজন সন্ধানহীন ঃ নগাঁৱৰ নিজা প্ৰতিবেদক আৰু কামপুৰৰ নিজা বাতৰি দিওঁতা ঃ নগাঁও জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত অৱস্থাতেই আছে৷ কলং, কপিলী, হাড়িয়া, নিশাৰী আদি নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ নগাঁও সদৰ, ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুই শতাধিক গাঁৱত মহাপ্ৰলয়ৰ সৃষ্টি কৰাত সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে৷
আজি বিয়লি পৰ্যন্ত জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ শতাধিক ৰাজহ গাঁও, নগাঁও সদৰ ৰাজহ চক্ৰৰ ২০খন ৰাজহ গাঁও আৰু ৰহা ৰাজহ চক্ৰৰ ৮৫খন ৰাজহ গাঁওসহ মুঠ ২০৫খন ৰাজহ গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে৷ জিলাখনত এই পৰ্যন্ত প্ৰায় পাঁচ লাখ লোক বানত আক্ৰান্ত হৈছে যদিও কেৱল কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰ এলেকাতেই এই বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় চাৰি লাখ লোক৷
বানত আক্ৰান্ত হৈছে তিনিওটা ৰাজহ চক্ৰৰ প্ৰায় ২০ হাজাৰ হেক্টৰ কৃষি ভূমি৷ ইয়াৰে বানত সৰ্বাধিক বিনষ্ট হৈছে কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ কৃষিভূমি৷ আনহাতে, আক্ৰান্ত হৈছে প্ৰায় হাজাৰটা পশুধন৷ চৰকাৰী তথ্য অনুসৰি, কালি নিশা সন্ধিয়া পৰ্যন্ত জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত বানত এজনৰ মৃত্যু হোৱাৰ উপৰি আন দুজনক বাঢ়নী পানীয়ে উটুৱাই নিয়াত সন্ধানহীন হৈ আছে৷
বানত মৃত্যু হোৱাজনৰ নাম বিনন্দ নাথ আৰু সন্ধানহীন হৈ থকা দুজনৰ নাম ধুনু শ্বাহ আৰু ছানী গোৱালা৷ বানত কামপুৰ, ৰহা ৰাজহ চক্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ গড়কাপ্টানী পথ, কৃষি বান্ধ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মথাউৰি, কালভাৰ্ট সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷
কালি নিশা প্ৰায় নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ-দক্ষিণপাট-ঘাগৰীয়াল গড়কাপ্টানী পথটোৰ এটা অংশ বানে উটুৱাই নিয়াত পথটোৰে যাতায়াত ব্যাহত হৈ পৰে৷ বন্যাৰ্তৰ সহায়ৰ বাবে প্ৰশাসনে কামপুৰত ৬২টা, ৰহাত ৩৫টা আৰু নগাঁও ৰাজহ চক্ৰ এলেকাত সাতটা সাহায্য শিবিৰ মুকলি কৰিছে৷
আশ্ৰয় শিবিৰসমূহত হাজাৰ হাজাৰ লোকে আশ্ৰয় লৈ আছে৷ সেই আশ্ৰয় শিবিৰত ৬২৬টা শিশু আৰু ৫২গৰাকী গৰ্ভৱতী মহিলাও আছে৷ আজিও জিলাখনত কলং আৰু কপিলী নৈ বিপদসীমাৰ বহু ওপৰেৰে বৈ আছে৷ জিলাখনত এন ডি আৰ এফ, এছ ডি আৰ এফ বাহিনীয়ে বানত আবদ্ধসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷
পুৱাৰ ভাগত পুনৰ আহোম গাঁৱত মাছ মাৰিবলৈ গৈ বানত উটি গ’ল এজন যুৱক৷ যুৱকজনৰ নাম শ্বৰীফ আহমেদ৷ এছ ডি আৰ এফে অভিযান চলাই আছে যদিও কোনো সম্ভেদ পোৱা নাই৷
তেজপুৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বান পৰিস্থিতি পৰিদৰ্শন ঃ তেজপুৰৰ বিশেষ প্ৰতিনিধি ঃ সম্প্ৰতি ৰাজ্যৰ ২৫টা বিধানসভা সমষ্টি এলেকাৰ বান পৰিস্থিতি অতি শোচনীয়৷ ইয়াৰে বৰাক উপত্যকাৰ ১৬টা সমষ্টি বানৰ কবলত পৰি অৱস্থা শোচনীয় হৈ পৰিছে৷
এই অভাৱনীয় বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগ আৰু জিলা প্ৰশাসনসমূহক তৎপৰতাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে৷ আজি তেজপুৰত এই মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হাজৰিকাই আজি তেজপুৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশগ্ৰহণ কৰি সাম্প্ৰতিক কালৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে শোণিতপুৰৰ সৰ্বাংগীণ বিকাশৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷
চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ জিলা মুৰব্বীসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈ বান সাহায্যকে ধৰি অন্যান্য বিষয় সন্দৰ্ভত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷
পৰ্যালোচনা সভাৰ অন্তত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণতে এই সময়ছোৱাত প্ৰতিদিনে ৬০ এম এম মাত্ৰাৰ বৰষুণ হয় যদিও এসপ্তাহ পূৰ্বে ডিমা হাছাও এলেকাত ৪৬১ এম এম মাত্ৰাৰ বৰষুণ হোৱাত উক্ত বৃহত্তৰ অঞ্চলত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে নামনিৰ বৃহত্তৰ অঞ্চলো জলমগ্ন হৈ পৰে৷
এইপৰ্যন্ত জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মিত এটা মথাউৰি ক্ষতিসাধান হৈছে যদিও অত্যধিক বৰষুণৰ বাবে অঞ্চল বিশেষৰ বাঢ়নী পানী মথাউৰি আৰু ৰাস্তাৰ ওপৰেদিও বৈ গৈছে৷ ২০০০ চনৰ পৰা ২০২০ চনলৈ বাৰিষা কালত ৰাজ্যত বছৰি গড়ে ৪০টাকৈ মথাউৰি ভাঙিছিল৷ ২০০৪ চনৰ ভৰ বাৰিষাত ৩৫৪টা মথাউৰি ভাঙিছিল৷
যোৱা বছৰ এটা মথাউৰি ভাঙিছে যদিও এইপৰ্যন্ত এটাও ভঙা নাই৷ ৪০-৫০ বছৰ পূৰ্বে মথাউৰিসমূহ মেৰামতিৰ বাবে ব্যৱস্থা অব্যাহত ৰখা হৈছে৷ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগ দিনে-নিশাই কৰ্মত নিয়োজিত হৈ আছে আৰু বানপীড়িতসকলক যথাসাধ্য সাহায্য প্ৰদানৰ বাবেও চৰকাৰৰ তৰফৰ পৰা গুৰুত্ব দিয়া হৈছে৷
Comments