গুৱাহাটী, ২১ মেঃ ক'ৰনা ভাইৰাছ চিনাক্তকৰণৰ দ্ৰুত পৰীক্ষাই কেইমিনিটমানৰ ভিতৰত ফলাফল প্ৰদান কৰে, কিন্তু ই ১০০ শতাংশ শুদ্ধ হয় নে নহয় সদায় সেয়া সন্দেহৰ আৱৰ্তত থাকে। একে সময়তে ক'ৰনাৰ আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফল প্ৰাপ্ত কৰিবলৈ কিছু সময় লাগে। এনে এক অধ্যয়নত, দাবী কৰা হৈছে যে কুকুৰে মানুহৰ গোন্ধ শুঙি ৯৭ শতাংশ ক'ভিড আক্ৰান্তৰ লক্ষণবোৰ চিনাক্ত কৰিব পাৰে।
ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, কুকুৰবোৰে পৰীক্ষাৰ কিটতকৈ মানুহৰ ক'ৰনা ভাইৰাছ ভালদৰে চিনাক্ত কৰিব পাৰে। এই কুকুৰবোৰে ৯৭ শতাংশ মানুহৰ ক্ষেত্ৰত ক'ভিডৰ লক্ষণবোৰ চিনাক্ত কৰিব পাৰিছে। লগতে, গৱেষণাৰ সময়ত, কুকুৰবোৰে ক'ভিড নিগেটিভ নমুনা চিনাক্ত কৰাত ৯১ শতাংশ শুদ্ধ বুলি প্ৰমাণিত হৈছে।
হেলচিঙ্কি বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ চিকিৎসালয়ৰ মতে, গোন্ধৰ দ্বাৰা ক'ভিড চিনাক্ত কৰা কুকুৰবোৰৰ ছালৰ ফুলাৰ পৰা ক'ভিড সংক্ৰমিত ব্যক্তিসকলক চিনাক্ত কৰিবলৈ প্ৰশিক্ষণ দিব পাৰি। এই পৰীক্ষাটো গৱেষণাৰ সময়ত এক পৰীক্ষণ হিচাপে দেখা গৈছে, য'ত কুকুৰবোৰ নমুনা চিনাক্ত কৰাত ৯২ শতাংশ লৈকে সফল হৈছে।
এই অধ্যয়নত আৰু দাবী কৰা হৈছে যে, "যদি সঠিক প্ৰশিক্ষণ দিয়া হয়, কুকুৰে ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ ৯৯ শতাংশলৈকে চিনাক্ত কৰিব পাৰে। এই গৱেষণা বৰ্তমানৰ সময়ত পৃথিৱীৰ প্ৰতিখন দেশৰ বাবে অতি সহায়ক হিচাপে প্ৰমাণিত হ'ব পাৰে। এই গৱেষণাৰ জৰিয়তে, মানুহৰ সংক্ৰমণ সময়মতে চিনাক্ত কৰিব পাৰি আৰু ইয়াক সময়মতে বিয়পা প্ৰতিহত কৰিব পাৰি।
অধ্যয়নটোৰ সময়ত, গৱেষণা দলটোৱে ৫ টা কুকুৰক প্ৰশিক্ষণ দিছে, ৩ টা লেব্ৰেডৰ প্ৰজাতিৰ, ১ ৰিট্ৰিভাৰ আৰু ১ টা হোৱাইট শ্বেফৰ্ড। প্ৰশিক্ষণৰ সময়ত, কুকুৰবোৰক ছালৰ নমুনাৰ বিষয়ে তথ্য দিয়া হৈছে। একে সময়তে, ভাইৰাছটোৰ কবলত পৰা ১১৪ জন স্বেচ্ছাসেৱকৰ নমুনা লোৱা হৈছে আৰু স্নিফাৰ কুকুৰৰ সন্মুখত ৰখা হৈছে।
আনহাতে, প্ৰশিক্ষণৰ সময়ত, কুকুৰটোক নিগেটিভ ফলাফলৰ শতাধিক লোকৰ নমুনা চিনাক্ত কৰিবলৈ প্ৰস্তুত কৰা হৈছে। কুকুৰ কেইটাৰ প্ৰশিক্ষণৰ সময়ত সিঁহতে ক'ভিড সংক্ৰমিত লোকসকলৰ ৯২ শতাংশ নমুনা সঠিক বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, এই সময়ছোৱাত কুকুৰবোৰে ক'ভিডৰ ফলাফল নিগেটিভ বুলিও সঠিকভাৱে চিনাক্ত কৰিছে।
আনহাতে, ফিনলেণ্ডত অধ্যয়নৰ সময়ত, কুকুৰবোৰক ছেপ্টেম্বৰ ২০২০ আৰু এপ্ৰিল ২০২১ ৰ ভিতৰত কৰোৱা পৰীক্ষণত ফিনলেণ্ডৰ হেলচিঙ্কি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিয়োজিত কৰা হয়। য'ত এই কুকুৰবোৰে শুঙি বাহিৰৰ পৰা অহা ৩০৩ জন বিমান যাত্ৰীক চিনাক্ত কৰিছে। অৱশ্যে, প্ৰতিজন যাত্ৰীৰ পিচিআৰ পৰীক্ষাও কৰা হৈছে, য'ত পৰীক্ষাৰ ফলাফলৰ সময়ত, স্নিফাৰ কুকুৰবোৰ ৯৯ শতাংশলৈকে সফল হৈছে।
কুকুৰবোৰে কেৱল ৩ জন যাত্ৰীৰ চিনাক্তকৰণ কৰাত ব্যৰ্থ হৈছে, য'চ আৰটি-পিচিআৰ পৰীক্ষাত যাত্ৰীকেইজন পজিটিভ বুলি চিনাক্ত হয়। বৰ্তমান, আশা কৰা হৈছে যে কুকুৰৰ এই উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকক বিমানবন্দৰ, ষ্টেচনত, সংগীতানুষ্ঠানৰ দৰে অনুষ্ঠানসমূহত ব্যাপকভাৱে নিয়োজিত কৰিব পাৰি।
Comments