গুৱাহাটী, ২১ মেঃ যিজন ব্যক্তিয়ে তেওঁৰ জীৱনকালত আটাইতকৈ বেছি মেক ডনাল্ডৰ বাৰ্গাৰ খোৱাৰ বিশ্ব অভিলেখ গঢ়িছে, তেওঁ বিগত ৫০ বছৰত এনে এটা দিন যোৱা নাই, যেতিয়া তেওঁ বাৰ্গাৰ নোখোৱাকৈ আছে। এই ব্যক্তিজনৰ নাম হৈছে ডনাল্ড গৰ্স্ক।
উইচকনচিনৰ ফণ্ড ডু লাকৰ ডনাল্ড গৰ্স্কে প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত প্ৰথম অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সেই তেতিয়াৰ পৰা বৰ্তমানৰ জীৱনকাললৈ তেওঁ সৰ্ববৃহৎ মেক ডনাল্ডৰ বাৰ্গাৰ খোৱাৰ অভিলেখ গঢ়িছে। তেওঁৰ ১৯৯৯ চনৰ পৰা বৰ্তমানৰ সময়লৈ বাৰ্গাৰ খোৱাৰ সংখ্যা ৩২,৩৪০ টালৈ বৃদ্ধি পাইছে।
গৰ্স্কে ১৯৭২ চনৰ পৰা প্ৰতিদিনে কমেও এটা মেকডনাল্ড বিগ মেক বাৰ্গাৰ খাই আহিছে। অৱশ্যে, তেওঁ প্ৰতি দুদিনত এবাৰকৈ ব্যায়াম কৰে। তেওঁ আনকি প্ৰথমবাৰৰ বাবে কেইটা মেকডনাল্ড বাৰ্গাৰ খাইছে সেইটোও স্পষ্টভাৱে মনত আছে।
তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক কৈছে যে, "প্ৰথমবাৰৰ বাবে মই পোনপটীয়াকৈ মেকডনাল্ডলৈ গৈ ৩ টা বাৰ্গাৰ ক্ৰয় কৰিছোঁ। তাৰ পিছত গাড়ীত বহি সেইবোৰ খাইছো।
সেই সময়ত মই অনুভৱ কৰিলো যে মই সম্ভৱতঃ গোটেই জীৱনৰ বাবে এনেদৰে বাৰ্গাৰ খাই থাকিব পাৰিম। তাৰ পিছত মই সেই ৩ বাকচ বাৰ্গাৰ গাড়ীৰ পিছৰ চিটত ৰাখিলো আৰু প্ৰথম দিনৰ পৰাই দিনত কেইটাকৈ বাৰ্গাৰ খাওঁ সেইবোৰ গণনা কৰিবলৈ আৰম্ভ কৰিলোঁ।"
তেওঁ আৰু কৈছে যে, "প্ৰাৰম্ভিক দিনবোৰত মই ইমান আৱেগিক হৈ পৰিলো যে এদিনত ৯ টা বাৰ্গাৰ খাবলৈ ধৰিলো, কিন্তু এতিয়া মই দৈনিক গড়ে মাত্ৰ ২ টা বাৰ্গাৰ খাবলৈ সক্ষম হৈছোঁ।
কিছু বছৰৰ আগতে মোৰ প্ৰেমৰ জীৱনতো মেকডনাল্ডৰ প্ৰভাৱ দেখা গৈছে যেতিয়া মোৰ প্ৰেমিকা আৰু বৰ্তমানৰ পত্নী মেৰীয়ে মোৰ কথা জানিবলৈ পাই আচৰিত হয়।"
ইপিনে, গৰ্স্কৰ পত্নী মেৰীয়ে কৈছে যে, "মোৰ স্বামী গৰ্স্কে মোক তেওঁৰ বাৰ্গাৰৰ প্ৰতি থকা আবেগৰ বিষয়ে কোৱা নাছিল। মই নিশ্চিত হ'ব পৰা নাছিলোঁ যে তেওঁ বাৰ্গাৰৰ প্ৰতি যথেষ্ট আৱেগিক। তেওঁ প্ৰতিদিনে এটা ডাঙৰ মেক ডনাল্ডৰ বাৰ্গাৰ খাই আহিছে।
কেতিয়াবা মই তেওঁক ডাঙৰ বাৰ্গাৰ আনি দিওঁ, কিন্তু মই নাজানিছিলো যে মোৰ স্বামীৰ এই অভ্যাস চিৰকাললৈ থাকি যাব। গৰ্স্কে তেওঁৰ আৱেগক অতি গুৰুত্বসহকাৰে লয়, ১৯৭০ ৰ দশকৰ আৰম্ভণিৰ পৰা তেওঁ খোৱা প্ৰতিটো বিগ মেক বাৰ্গাৰ খাই হিচাপ কৰি আহিছে।
তেওঁ আনকি বছৰটোৰ ভিতৰত প্ৰতিটো বাৰ্গাৰৰ বাকচ আৰু ৰচিদ জমা কৰি আহিছে আৰু কিমান বাৰ্গাৰ খোৱা হৈছে সেইবোৰ কেলেণ্ডাৰত চিহ্নিত কৰি আহিছে।
তেওঁ অৱগত যে, প্ৰতিটো বাৰ্গাৰত ৫৬৩ কেলৰি থাকে। এনে পৰিস্থিতিত, স্বাস্থ্যৱান হৈ থাকিবলৈ, তেওঁ দৈনিক প্ৰায় ৬ মাইল খোজ কাঢ়ে।"
Comments