গুৱাহাটী, ২১ মেঃ মধ্য প্ৰদেশৰ ছিন্দৱাৰা জিলাৰ পৰা এটা অতি আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে। য'ত ঢোকলা (গুজৰাটী খাদ্য সম্ভাৰ) খাই এগৰাকী এম.বি.বি.এছ ডিগ্ৰীধাৰী কইনাৰ মৃত্যু হৈছে। ইয়াৰ পিছত, কইনাজনীয়ে বিবাহ পাশত আৱদ্ধ হৈ শহুৰৰ ঘৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁৰ ঘৰৰ পৰা অষ্টিহে ওলাই আহে।
ঘটনাটো বিয়াৰ এদিন আগতে সংঘটিত হৈছে। যাৰ ফলত বিয়াঘৰৰ সুখৰ পৰিৱেশ দুখলৈ পৰিণত হৈছে। সকলোৱে কোৱা অনুসৰি কইনাজনীয়ে পুৱাৰ আহাৰ খোৱাৰ সময়ত ধোকলা ডিঙিত লগাত ততাতৈয়াকৈ পানী সেৱন কৰাৰ ফলত স্বাস্থ্যৰ অধিক অৱনতি হয়।
এই বিষয়টো ছিন্দৱাৰা জিলাৰ পশ্চিম বুধৱাৰী বজাৰত সংঘটিত হৈছে। তাত বাস কৰা প্ৰমোদ মহাদেৱৰাও কালেৰ জীয়ৰী মেঘা কালেৰ ২০ মে'ত বিবাহ পাশত আৱদ্ধ হ'বলৈ ওলাইছিল। কিন্তু, তাৰ এদিন পূর্বে অৰ্থাৎ ১৯ মে' ২০২২ তাৰিখে মেঘাই পুৱাৰ আহাৰত ঢোকলা খালে। এই সময়ত ঢোকলা তেওঁৰ ডিঙিত লাগি ধৰে। যাৰ পৰা তেওঁ পৰিত্ৰাণ পাবলৈ ততাতৈয়াকৈ পানী সেৱন কৰে।
একে সময়তে তেওঁ দীৰ্ঘদিন ধৰি কাহজনিত সমস্যাত ভুগি আছিল। যাৰ পিছত পানী সেৱন কৰাৰ পিছত মেঘাৰ অৱস্থা অতি শোচনীয় হৈ পৰে। তাৰ পিছত তেওঁক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, যদিও জিলা চিকিৎসালয়ত চিকিৎসাৰ সময়ত মেঘাৰ মৃত্যু হয়।
মেঘাই এমবিবিএছ কৰাৰ পিছত মুম্বাইত সেৱা চিকিৎসা সেৱা আগবঢ়াই আছিল। বৃহস্পতিবাৰে বিয়াৰ আগতে সংঘটিত এই বেদনাদায়ক দুৰ্ঘটনাটোৰ ফলত মেঘাৰ গোটেই পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে।
Comments