Classifieds
View All
গুৱাহাটী, ২১ মেঃযোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত শণিবাৰে পুৱাই ৰাইজে পাতিলে যজ্ঞ।মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সুমতি কামনাৰে ৰাইজৰ যজ্ঞ।বিধায়কজনৰ লগতে সাংসদ তপন গগৈৰ সুমতি কামনা কৰিও ৰাইজে পাতিলে যজ্ঞ।
ৰূপজ্যোতি কুৰ্মী আৰু সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল তাল বজাই নাম গাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞ।জৰাজীৰ্ণ বাট-পথ মেৰামতি নকৰাত ক্ষোভিত হৈ ৰাইজৰ এই ব্যতিক্ৰমী প্ৰতিবাদ।চেলেং মাজনৈ চাহ বাগিছাৰ মুল পথ আৰু উপ পথ সমুহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিছা খনৰ ৰাইজে বছৰ বছৰ ধৰি যাতনা ভূগ কৰি আহিছে।
পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে ভূগি অহা যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বাগিচা খনৰ ৰাইজে অৱশেষত যজ্ঞ পাতি চৰকাৰ তথা সাংসদ,মন্ত্ৰী, বিধায়কৰ সুমতি অহাৰ কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে।
Comments