গুৱাহাটী, ২১ মেঃ আইএএনএছ-চিভোটাৰৰ সমীক্ষাত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মা।২০২১ চনৰ মে মাহত বিধানসভা নিৰ্বাচনত জয়ী হোৱা ৰাজ্যিক মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অসমৰ হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে মূল্যাঙ্কন কৰিছিল।যোৱা বছৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ পিছত যোৱা ১২ মাহ ধৰি দৈনিক ভিত্তিত এই জৰীপটো অনুষ্ঠিত কৰা হৈছিল।
শেহতীয়া সমীক্ষা অনুসৰি চাৰিখন ৰাজ্য (পশ্চিম বংগ, কেৰালা, অসম, তামিলনাডু) আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল (পুডুচেৰী)ৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শীৰ্ষস্থানলৈ উঠিছে ড০ হিমন্ত বিশ্ব শৰ্মা।সমীক্ষাৰ সময়ত,উত্তৰদাতাসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক স্থান দিবলৈ কোৱা হৈছিল।
হিমন্ত বিশ্ব শৰ্মাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আছে।অসমৰ ৪৩ শতাংশতকৈও অধিক উত্তৰদাতাই কৈছিল যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট।আনহাতে অসমৰ ৩৭ শতাংশ উত্তৰদাতা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত কিছু পৰিমাণে সন্তুষ্ট।
উল্লেখ্য যে, ২০১৫ চনত বিজেপিত যোগদান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।তেওঁ ৰাজ্যখনৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে অসমত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
Comments