গুৱাহাটী, ২১ মেঃ গাখীৰক এক সম্পূৰ্ণ পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়, কিয়নো ইয়াত প্ৰায় সকলো প্ৰকাৰৰ পুষ্টি পোৱা যায়। যাৰ বাবে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই সুস্বাস্থ্যৰ বাবে গাখীৰ পান কৰিবলৈ পৰামৰ্শ দিয়ে। গাখীৰ বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়, কিছুমান লোকে ইয়াক পোনপটীয়াকৈ গাখীৰৰ ৰূপত পান কৰে।
পোনপটীয়াকৈ গাখীৰ পান কৰাটো উচিত মে গাখীৰ উতলাই পান কৰিব লাগে?
সঁচা কথাত ক'বলৈ গ'লে কেঁচা গাখীৰ পান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আমেৰিকাৰ স্বাস্থ্য সুৰক্ষা সংস্থাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ মতে, কেঁচা গাখীৰত বহুতো ক্ষতিকাৰক বেক্টেৰিয়া থাকিব পাৰে যেনে এচেৰিচিয়া কোলা (ই. কোলাই) আৰু লিষ্টেৰিয়া, চালমোনেলা ইত্যাদি। যাক ক্ৰয় কৰি পোনপটীয়াকৈ পান কৰাৰ ফলত ব্যক্তি এজনৰ খাদ্য বিষক্ৰিয়া হ'ব পাৰে।
কেঁচা গাখীৰত থকা বেক্টেৰিয়াই মানুহৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। যাৰ ফলত ডায়েৰিয়া, আৰ্থ্ৰাইটিছ আৰু ডিহাইড্ৰেচনৰ দৰে সমস্যা হ'ব পাৰে।
কেঁচা গাখীৰ পান কৰাটো ক্ষতিকাৰক, কিয়নো যেতিয়া পোহনীয়া জন্তুৰ পৰা গাখীৰ খিৰোৱা হয় তেতিয়া ই দূষিত হ'ব পাৰে। সেয়েহে সকলোৱে সদায়ে গাখীৰ উতলাই পান কৰাটো অতি প্ৰয়োজনীয়।
Comments