গুৱাহাটী, ২১ মেঃ গ্ৰীষ্মকালত নেমুৰ চৰৱত সেৱন কৰিবলৈ সকলোৱে পছন্দ কৰে। কিয়নো ইয়াক পান কৰাৰ ফলত শৰীৰটো সতেজ অনুভৱ হয়। বহুলোকে চ'ডা পানীৰ সৈতে নেমুৰ চৰৱত খাবলৈও পছন্দ কৰে।
নিয়মীয়াকৈ নেমু চৰৱত পান কৰাৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয়। স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াৰ লগতে জোৰ দি কয় যে, পুৱা এগিলাচ নেমুৰ চৰৱত খালে পেটৰ চৰ্বি হ্ৰাস হয়, বহুলোকে উন্নত ফলাফল পাবলৈ এই পানীয়ত মৌ যোগ দিয়ে, কিন্তু নেমুপানীয়ে সঁচাকৈয়ে ওজন হ্ৰাস কৰে নে? এই শিতানত ইয়াৰ সত্যাসত্য উল্লেখ কৰা হৈছে।
নেমুত চাইট্ৰিক এচিড, পটাছিয়াম, ভিটামিন চি, ভিটামিন বি-৬, পেকটিন আৰু আঁহ থাকে। ই হজম শক্তি উন্নত কৰে আৰু লগতে মানুহক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে। নেমুত এণ্টি অক্সিডেণ্ট পোৱা যায়, যি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত ৰাখে আৰু লগতে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নেমুৰ চৰৱত সেৱন কৰাৰ ফলত পাকস্থলী আৰু কঁকালৰ চাৰিওফালে জমা হোৱা চৰ্বি হ্ৰাস হ'বলৈ আৰম্ভ হয়, অৰ্থাৎ মানুহৰ ওজন দ্ৰুতগতিত হ্ৰাস হয়।
নেমুত পেকটিন নামৰ পদাৰ্থ থাকে, যি ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শৰীৰক বিষমুক্ত কৰে। নেমুত থকা পটাছিয়ামে শৰীৰক সতেজ কৰি ৰাখে আৰু ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।
যদি কোনোবাই নেমু চৰৱতৰ প্ৰভাৱ নিজৰ পেটৰ চৰ্বিৰ ওপৰত অধিক হোৱাটো বিচাৰে, তেন্তে প্ৰথমে এগিলাচ কুহুমীয়া পানী ল'ব আৰু ইয়াত এটা সৰু নেমু চেপি ল'ব। এতিয়া ক'লা নিমখ আৰু জিৰা গুৰি দি ইয়াক পান কৰিব। যদি কোনোবাই পুৱা সাৰ পোৱাৰ পিছত ব্যায়াম কৰি কুহুমীয়া পানীত নেমুৰ ৰসৰ সৈতে এক চামুচ মৌ মিহলি কৰি সেৱন কৰে, তেন্তে তেওঁৰ ওজন দ্ৰুতগতিত হ্ৰাস হ'ব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments