ডিব্ৰুগড়, ২১ মে' ২০২২: ছিকিমৰ ৰাজধানী গেংটকৰ ঐতিহাসিক এনচে মঠত আজি যোগ উৎসৱৰ কাৰ্যসূচী উদযাপন কৰা হয়। অহা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৩১ দিনৰ পূৰ্বৰ অনুষ্ঠানটোত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাং, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ড° মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, ছিকিম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মণি কুমাৰ শৰ্মাৰ লগতে আয়ুষ মন্ত্ৰালয় আৰু ছিকিম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু ছিকিম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ড° মণি কুমাৰ শৰ্মাই ভাষণ প্রদানেৰে সকলোকে আদৰণি জনায়। ইয়াৰ পিছতে সমূহীয়াকৈ যোগাসনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানটোৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "যোগ আমাৰ জীৱন সমৃদ্ধ কৰাৰ এক সুন্দৰ উপায়। ই শাৰীৰিক-মানসিক উৎকর্ষ সাধনৰ লগতে আমাৰ আধ্যাত্মিক চেতনাশক্তিক উজ্জীৱিত কৰাতো সহায় কৰে। গেংটকৰ মনমুগ্ধকৰ প্ৰকৃতিৰ মাজত ঐতিহাসিক এনচে মঠত যোগ প্ৰদৰ্শনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই অতিশয় আপ্লুত হৈছোঁ।"
লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "যোগে বিশ্ব পৰ্যায়ত ভাৰতৰ মৰ্যাদাক এক অনন্য শিখৰত উপনীত কৰিছে। আমাৰ আদৰৰ প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আয়ুষ মন্ত্ৰালয়ৰ তৰফৰপৰা আগতীয়াকৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে৷ মই সুখী যে, ছিকিমৰ জনসাধাৰণেও এই যাত্ৰাত চামিল হৈ অভূতপূর্ব সঁহাৰি জনাইছে।"
Comments