Classifieds
View All
গুৱাহাটী, ১৯ মেঃ সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ।পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।বৃহস্পতিবাৰে পুৱা পেট্ৰলিয়াম কোম্পানীয়ে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকা বৃদ্ধি কৰে।আনহাতে,বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮ টকাকৈ বৃদ্ধি কৰা হৈছে।
দুয়োবিধ চিলিণ্ডাৰৰ নতুন দৰ আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে।এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে অধিক ধন ভৰিব লাগিব।চিলিণ্ডাৰৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে সাধাৰণ জনতাক।
এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।উল্লেখ্য যে, আজিৰ পৰা দিল্লী আৰু মুম্বাইত এটা ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০৩ টকা, কলকাতাত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ১০২৯ টকা হ’ব, আৰু চেন্নাইত ১০১৮.৫ টকা হ’ব।
Comments