গুৱাহাটী,১৯ মে':কেন্দ্ৰীয় আইন মন্ত্ৰী (ৰাজ্যিক) এছ পি সিং বাঘেলে শেহতীয়াকৈ মেঘালয় ৰাজ্যৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি আইন শৃংখলাৰ বুজ লয়।আন কেইখনমান ৰাজ্যৰ তুলনাত মেঘালয়ত অপৰাধৰ হাৰ কম যদিও পকচো আৰু নিচাজাতীয় সামগ্ৰীৰ সৈতে জড়িত লোকসকল মেঘালয় আৰক্ষীৰ বাবে চিন্তাৰ এক মুখ্য কাৰণ হৈ পৰিছে।
মন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে কয় যে মেঘালয়ত সংঘটিত হোৱা বেছিভাগ গোচৰ যৌন অপৰাধৰ লগতে পকচো আৰু নিচাজাতীয় সামগ্ৰীৰ সৈতে সম্পৰ্কিত।
বাঘেলে পৰিস্থিতিটোৰ ওপৰত ৰাজ্য চৰকাৰক সতৰ্কতা প্ৰকাশ কৰি কয় যে,"মই ৰাজ্যখনৰ আইন শৃংখলাৰ এনে পৰিস্থিতিত আনন্দিত।কেন্দ্ৰই ইয়াত আন্তঃগাঁথনি উন্নয়নৰ বাবে,বিশেষকৈ পাঁচখন পকচো আদালত নিৰ্মাণৰ বাবে ৭০০ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰিছে।"
মন্ত্ৰীগৰাকীয়ে লগতে মেঘালয়ৰ এটা কিশোৰ কেন্দ্ৰ আৰু এখন চিকিৎসালয় পৰিদৰ্শন কৰিছিল।উক্ত কিশোৰ কেন্দ্ৰৰ ১৭ জন ল'ৰাৰ ভিতৰত ১৫ জনেই পকচো আইনৰ সৈতে জড়িত।
Comments