Cartoon
View Older
গুৱাহাটী,১৮ মে':আজিৰে পৰা পুনৰ বন্ধ হ'ল মাজুলী নিমাতীৰ মাজত ফেৰী সেৱা।পুনৰ জলস্তৰ বৃদ্ধি পোৱাত বৃহস্পতিবাৰে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা।পূৰ্বতে ৰবিবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা।বিগত কেবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ।
যাৰবাবে মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।
Comments