গুৱাহাটী,১৯ মে':ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ দিশে গতি কৰিছে৷ একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ প্ৰায় সকলো নৈ-উপনৈ ফেনে-ফোটোকাৰে বাঢ়ি থকাৰ লগতে নিতৌ ন ন স্থান প্লৱিত হৈ আছে৷
যোৱা পাঁচদিন ধৰি ৰাজ্যত হোৱা জলপ্ৰলয়ৰ ফলত এইপৰ্যন্ত ৫ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এইপৰ্যন্ত শিশু, মহিলাসহ ৯ জন লোকৰ মৃত্যু ঘটিছে৷ আজিপৰ্যন্ত ৰাজ্যৰ বানে তাণ্ডৱ চলাইছে আৰু জিলাকেইখনৰ মুঠ ১১০০খন গাঁও প্লাৱিত হৈছে৷অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰীয়ে নিজৰ সমষ্টিৰ বিভিন্ন অঞ্চলসমূহ পৰিদৰ্শন কৰে।
সমান্তৰালভাৱে টংলা থানাৰ অন্তৰ্গত খাটোৱালপাৰা অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ লগতে অঞ্চলটোৰ কাষতেই থকা কুলশী নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি বুৰাই পেলাইছে।বিশ্বজিত দৈমাৰীয়ে এই আটাইবোৰ পৰিদৰ্শন কৰি সকলো কালভাৰ্টকে আদি কৰি পয়ালগা অৱস্থাত থকা জৰাজীৰ্ণ ৰাস্তা সমূহৰ মেৰামতিৰ কামসমূহৰ বাবে জিলা উপায়ুক্তক জনোৱা হ’ব বুলি মন্তব্য কৰে।
Comments