গুৱাহাটী,১৯ মে': বিতর্কৰ পৰিস্থিতিতেই কেন্দ্রীয় বিশ্ববিদ্যালয়বোৰত চলিত শিক্ষাবর্ষৰ পৰা স্নাতকোত্তৰ স্তৰত ভর্তিৰ বাবে প্রৱেশিকা পৰীক্ষা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ইউজিচিৰ । বৃহস্পতিবাৰে ইউজিচি-ৰ চেয়াৰমেন এম জগদেশ কুমাৰে এই কথা জনাই কয়, ‘‘জুলাইৰ তৃতীয় সপ্তাহত দেশজুৰি এই প্রৱেশিকা পৰীক্ষা হ’ব ।’’
বৃহস্পতিবাৰৰ পৰাই স্নাতকোত্তৰত চিইউইটি পৰীক্ষাৰ বাবে অনলাইনত আবেদনপত্র লোৱা আৰম্ভ হ’ব আৰু ১৮ জুন পর্যন্ত চলিব এই প্ৰক্ৰিয়া। তেওঁ কয়, ‘‘এই পর্যন্ত কেন্দ্রীয় বিশ্ববিদ্যালয়বোৰত স্নাতক স্তৰত ভর্তিৰ বাবে ১০ লাখ ৪৬ হেজাৰৰ অধিক আবেদন পাইছো আমি । স্নাতক স্তৰত ভর্তিৰ আবেদনৰ অন্তিম তাৰিখ ২২ মে’ । এই ক্ষেত্রত দ্বাদশ শ্রেণীৰ ব’র্ড পৰীক্ষাত পোৱা নম্বৰ নহয়, দেশৰ ৪৫টা কেন্দ্রীয় বিশ্ববিদ্যালয়ত ভর্তিৰ বাবে চিইউইটি পৰীক্ষাত প্রাপ্ত নম্বৰেই হ’ব একমাত্র মাপকাঠি ।’’
Comments