Cartoon
View Older
গুৱাহাটী,১৯ মে':সমাজবাদী পাৰ্টীৰ নেতা আজম খানে উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰে।ইয়াৰ লগে লগে উত্তৰ প্ৰদেশৰ প্ৰবীণ নেতা আজম খানে এটা ডাঙৰ সকাহ পাইছে।উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, বি আৰ গাভাই আৰু এছ গোপান্নাৰ বিচাৰপীঠে এছপি নেতাজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।
আজম খান দুবছৰতকৈও অধিক সময় কাৰাগাৰত আছে।আজম খানে ৮৯ তম গোচৰত এই অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল। তেওঁক ইতিমধ্যে ৮৮ টা গোচৰত জামিন দিয়া হৈছে। এনে পৰিস্থিতিত আজম খানৰ পৰিয়াল আৰু তেওঁৰ সমৰ্থকসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। অৱশ্যে, এই জামিনৰ পাছতো আজম খানে মুকলি আকাশত তলত কিমান দিন থাকিব পাৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
Comments