গুৱাহাটী,১৯ মে':ৰাছিয়াত থকা গুগলৰ সহায়ক কোম্পানীয়ে ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেউলিয়া হোৱাৰ উপক্ৰম হৈছে। কোম্পানীটোৱে কৈছিল যে ইয়াৰ ১০০ তকৈও অধিক কৰ্মচাৰীৰ দৰমহাৰ লগতে অন্যান্য বিল পৰিশোধ কৰিবলৈ এতিয়া তেওঁলোক অক্ষম।অৱশ্যে প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠানটোৱে কয় যে ই দেশত গুগুল চাৰ্চ, ইউটিউব, জিমেইল, মেপচ, এণ্ড্ৰইড আৰু গুগুল প্লেৰ দৰে বিনামূলীয়া সেৱা উপলব্ধ কৰি ৰাখিব।
গুগলৰ ৰাছিয়াই যোৱা বছৰ ২ বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন কৰিছিল।ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ ঠিক পিছতে গুগলে মাৰ্চ মাহত শ্ৰমিকসকলক স্থানান্তৰ কৰা আৰম্ভ কৰাৰ বাবে বেছিভাগ কৰ্মচাৰীয়ে ডুবাইলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।গুগলে ৰাছিয়াত ইয়াৰ বিজ্ঞাপনকাৰ্য স্থগিত ৰাখিছিল আৰু ৰাছিয়াৰ সংগঠনসমূহৰ দ্বাৰা বিশ্বব্যাপী বুক কৰা বিজ্ঞাপন বন্ধ কৰিছিল।
ৰাছিয়ান এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্ট'ৰৰ জৰিয়তে আৰু কোনো এপ আৰু সেৱা ক্ৰয় কৰিব নোৱাৰে।২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত কিছুমান অবৈধ সমল বিলোপ কৰাত ব্যৰ্থ হোৱাৰ বাবে গুগলৰ মূল কোম্পানী এলফাবেট ৰাছিয়াত প্ৰচণ্ড সমালোচনাৰ সম্মুখীন হৈছিল।
Comments