চেলেংহাট ১৯ মেঃচৰকাৰে বিমান বন্দৰ স্থাপনৰ বাবে শিলচৰৰ শতিকা পুৰনি ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে আজি সদৌ অসম আধিবাসী ছাত্ৰ সন্থা চমুকৈ আছায়ে চেলেংহাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আছাৰ চেলেংহাট আঞ্চলিক সমিতিয়ে কলীয়াপানী চাৰি আলিত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছাৰ অৰ্ধশতাধিক সদস্যই অংশ গ্ৰহণ কৰে।
প্ৰতিবাদৰ অন্তত অসমৰ মুখ্য মন্ত্ৰীলৈ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।দাবী সমুহ হ'ল ডলু চাহ বাগিছাৰ শ্ৰমিক সকলক কৰ্ম সংস্থাপন তথা উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰা।বিকাশৰ নামত চাহ বাগিচা উচ্ছেদ বন্ধ কৰা।বাগিচাখনৰ মাটীত বিমান বন্দৰ নিৰ্মাণৰ বাবে বাগিচা কৰ্তৃপক্ষ, কাছাৰ জিলা প্ৰশাসন,মজদুৰ ইউনিয়নবোৰৰ মাজত স্বাক্ষৰিত MOU খনত লিপিবদ্ধ শ্ৰমিকসকলৰ স্বাৰ্থজড়িত সকলো দফা আখৰে আখৰে পালনৰ নিশ্চয়তা প্ৰদান কৰা আৰু MOU খনত লিপিবদ্ধ কৰা মণিটৰিং কমিটিত জিলা প্ৰশাসন, অৰাজনৈতিক সংগঠন আৰু সচেতন ব্যক্তিক অন্তৰ্ভূক্ত কৰাৰ দাবী উত্থাপন কৰি দাবী সমুহ শীঘ্ৰে সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে আছাই জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
Comments