সোণাৰি , ১৯ মে' : অসম চৰকাৰে কট্ পা অৰ্থাৎ চিগাৰেট এণ্ড আদাৰ ট'বাকো প্ৰডাক্টছ এক্ট ২০০৩ ৰ অধীনত ৰাজ্যৰ সকলো জিলাত এই আইন বলবতৰ নিৰ্দেশ জাৰি কৰিছিল যদিও সোণাৰি নগৰকে ধৰি সমগ্ৰ চৰাইদেউ জিলাত এই আইন আজিকোপতি বলবৎ হোৱা পৰিলক্ষিত নহল।
এই আইন বলবৎ কৰাৰ ক্ষেত্ৰত জিলাখনত প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু সংশ্লিষ্ট বিভাগৰ অভিযান নচলাৰ পৰিপ্ৰেক্ষিততে সংশ্লিষ্ট আইনখন প্ৰযোজ্য হোৱা বিষয়টো কাৰ্যত: ধোঁৱা চাঙত উঠা বুলি ক'ব পাৰি। উল্লেখযোগ্য যে, উক্ত আইনখনে চৰকাৰী কাৰ্যালয়, হোটেল, ৰাজহুৱা পৰিবহন, প্ৰেক্ষাগৃহ, বজাৰ আদিকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত ধঁপাত সেৱনত নিষেধাজ্ঞা জাৰি কৰিছে।
এই নিষেধাজ্ঞা ভংগকাৰীক সংশ্লিষ্ট আইনৰ অধীনত দুশ টকা জৰিমনা বা ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৮/ ২৭৮ৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা আছে। আইনখন বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজহুৱা স্থান বা ক্ষেত্ৰ সমূহত ধঁপাত সেৱন নিষিদ্ধ এলেকা বুলি লিখিত ফলক আঁৰি দিব লাগে যদিও জিলাখনৰ অধিকাংশ চৰকাৰী কাৰ্যালয় বা ৰাজহুৱা স্থানত এয়া আজি পৰ্যন্ত কৰা হোৱা নাই।
ইফালে সংশ্লিষ্ট আইনখনে ১৮ বছৰতকৈ কম বয়সীয়া সকলক কোনো ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী বা বিক্ৰী কৰা কাৰ্যত নিয়োজিত কৰিব নোৱাৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে। এইক্ষেত্ৰত জুভেনাইল জাষ্টিছৰ ৭৭ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশনা দিয়া আছে। কিন্তু চৰাইদেউত সমুহ নিৰ্দেশনা তথা নিষেধাজ্ঞা কিদৰে বলবৎ হৈছে সেয়া বিচাৰ্যকৰ বিষয় হৈ পৰিছে।
আইনখনে শিক্ষানুষ্ঠান সমূহৰ পৰা এশগজ এলেকাত চিগাৰেটসহ আন ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰি দিছে যদিও জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানৰ নিচেই সমীপত বিনাবাধাই চিগাৰেটসহ অন্যান্য ধঁপাত জাতীয় সামগ্ৰী বিনা বাধাই মুকলিকৈ বিক্ৰী হৈ থকা বিষয়টোৱে স্থানীয় সচেতন জনতাৰ চকু কপালত তুলিছে। এনে প্ৰেক্ষাপটত অতি শীঘ্ৰে সংশ্লিষ্ট আইন খন কঠোৰ ভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক সৰব হবলৈ সচেতন জনতাই সংবাদ মাধ্যমৰ যোগেদি মুকলি আহ্বান জনাইছে।
Comments