গুৱাহাটী,১৯ মে':সীমান্তৰ ওচৰত পুনৰ সক্রিয়তা বৃদ্ধি কৰিছে চীনা সেনাই। তেনে ইঙ্গিত পোৱা গ’ল উপগ্রহ চিত্রত। এক সংবাদ মাধ্যমত প্রকাশিত রিৰোর্টত জনোৱা হৈছে, পেংগং হ্ৰদৰ ওচৰত পুনৰ এখন দলং নিৰ্মাণৰ কামত হাত দিছে চীনৰ পিপলছ লিবাৰেচন আর্মিয়ে (পিএলএ)। অৱশ্যে আগৰখনতকৈও এইখন আৰু বৃহৎ। বিশেষজ্ঞসকলৰ ধাৰণা, সেনা টেঙ্কাৰ বা যুদ্ধযান পাৰাপাৰৰ বাবেই দলংখন নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য, ২০২০ চনৰ মে’ মাহৰ পৰা ভাৰত আৰু চীনা সেনাৰ সংঘর্ষৰ সাক্ষী এই অঞ্চলটো। তাত চীনে এই নতুন দলং গঢ়াৰ খবৰ প্ৰকাশৰ লগে লগেই আতঙ্কৰ সৃষ্টি হৈছে। উক্ত হ্ৰদ সংলগ্ন এলেকাৰ যি অংশটি চীনৰ দখলত আছে তাত ইয়াৰ আগতেও এখন দলং নিৰ্মাণ কৰিছে চীনে। ২০২১ চনৰ শেষৰ ফালে সেইখন নির্মাণৰ কাম আৰম্ভ হৈছিল। শেষ হয় যোৱা এপ্রিল মাহত। উল্লেখ্য, প্রথম দলংখনৰ ঠিক কাষতেই নিৰ্মাণ হৈছে এই দ্বিতীয় দলংখন।
কিন্তু দ্বিতীয়খন বহু ডাঙৰ আৰু বহলো। কিন্তু ভাৰতীয় প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনৰ এই দ্বিতীয় দলঙক লৈ এতিয়াৰে পৰা আতঙ্কিত হোৱাৰ কাৰণ নাই। পেংগং সংলগ্ন অঞ্চলৰ কাষৰীয়া প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰত প্রয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে ভাৰতেও। লাডাখ ছেক্টৰত উপস্থিত আছে ভাৰতীয় বাহিনীৰ বৃহৎ ৰেজিমেণ্টো।
Comments