ডিফু ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মে’ ঃ ডিমা হাছাও জিলাত আজিও অব্যাহত আছে প্ৰবল বৃষ্টিপাত৷ ফলত জিলাখনত উদ্ধাৰ কাৰ্য আৰু সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰত তীব্ৰ জটিলতাই দেখা দিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে দুই মন্ত্ৰী বিমল বৰা আৰু যোগেন মহন আজি পুৱা জিলাখনত উপস্থিত হৈ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু উপায়ুক্তক লগত লৈ হাফলঙৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে৷' মন্ত্ৰী দুগৰাকীয়ে বৃষ্টিপাত আৰু ভূমি…লনৰ ফলত হাফলং চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ক্ষয়ক্ষতিৰ চাক্ষুস বুজ লয়৷ আজি হাফলঙত উপস্থিত হৈ মন্ত্ৰী দুগৰাকীয়ে পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়৷ '
জিলা প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ জিলাখনৰ লগতে হাফলং চহৰৰ ক্ষয়ক্ষতিৰ বুজ লয় মন্ত্ৰী দুগৰাকীয়ে৷ মন্ত্ৰী দুগৰাকীয়ে অতি বেয়াকৈ ক্ষতিৰ সন্মুখীন হোৱা নিউ হাফলং ৰে’ল ষ্টেছন পৰিদৰ্শন কৰে৷ মন্ত্ৰী দুগৰাকীক সংগ দিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই কয় যে মুখ্যমন্ত্ৰীৰ তৎপৰতাত আমি বিজুলী সংযোগ আৰু ম’বাইল সংযোগ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷
যদিও আমি ম’বাইল আৰু বিজুলী সেৱা লাভ কৰিবলৈ সক্ষম হৈছোঁ তথাপি আমাৰ প্ৰথম চিন্তা হৈছে জিলাখনৰ দুৰ্গম অঞ্চলসমূহত পৰিস্থিতি কি হৈ আছে৷ কাৰণ, ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ যাৰ ফলত লাইছং, হাৰাংগাজাউ, খেপ্ৰে আদিৰ দৰে দুৰ্গম অঞ্চলত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে সেইটো অনুমান কৰাটো কঠিন৷
জিলাখনত খাদ্য সামগ্ৰীৰ নাটনি শীঘ্ৰে নহয় বুলি দাবী কৰি গাৰ্লোছাই দুৰ্গম অঞ্চলসমূহত উদ্ভৱ হোৱা পৰিস্থিতিৰ এখন প্ৰকৃত ছবি লাভ কৰাটোহে এতিয়া কঠিন প্ৰত্যাহ্বান বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে যোৰহাটৰ ৰৈ ৰৈয়াৰ পৰা ১৪ মেট্ৰিকটন খাদ্য সামগ্ৰী লৈ আজি ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ হেলিকপ্টাৰ পুৱাই হাফলঙলৈ গৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিব পৰা নাছিল৷
পিছবেলা বতৰ কিছু ফৰকাল হোৱাৰ পাছত হেলিকপ্টাৰখন হাফলঙত অৱতৰণ কৰে আৰু খাদ্য সামগ্ৰী তাত নমোৱাৰ পাছত হেলিকপ্টাৰখনে হাফলঙত বাহিৰৰ পৰা গৈ আবদ্ধ হৈ থকা বহু লোকক লামডিং আৰু শিলচৰলৈ উদ্ধাৰ কৰি আনে৷
আনহাতে, হাফলঙত জিলা প্ৰশাসনে ডিবাৰায়, লৱাৰ হাফলং আৰু মলহয় নামৰ তিনি ঠাইত তিনিটা আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে বিয়লি এই দুয়োটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা আক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰে৷ মন্ত্ৰী দুগৰাকীয়ে খাদ্য সামগ্ৰী আৰু আন সামগ্ৰী প্ৰয়োজন অনুসৰি আক্ৰান্ত লোকৰ মাজত ক্ষিপ্ৰতাৰে বিতৰণ কৰিবৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷
উল্লেখযোগ্য যে মাইবঙৰ পৰা হাফলঙলৈ বন্ধ হৈ থকা পথছোৱা প্ৰশাসনে বহু কষ্টৰ মূৰত মুকলি কৰিবলৈ সক্ষম হয় যদিও পথছোৱাৰে গধূৰ বাহন চলাচল কৰিব পৰা হোৱা নাই৷ বিপদসংকুল হৈ পৰা পথছোৱাৰে সৰু সৰু বাহনহে পাৰ হ’ব পৰা হৈছে৷ জাতিংগাৰ পৰা হাফলঙলৈ পথছোৱা ফলত অতি বিপদসংকুল হৈ পৰিছে৷
এই সমগ্ৰ বিষয় জিলা প্ৰশাসনে নজৰত ৰাখি হাফলঙৰ পৰিস্থিতি উন্নত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে৷ যদি বতৰ মুকলি নহয় তেনেহ’লে আগন্তুক দুটা দিনত জিলাখনৰ পৰিস্থিতি স্বাভাৱিক নোহোৱাৰেই সম্ভাৱনা অধিক৷
Comments