গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মে’ ঃ ৰাজ্যৰ চ্ছখন জিলাত বানে সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জনতা ভৱনৰকাৰ্যালয়ৰ পৰা অতিৰিক্ত মুখ্য সচিব, এছ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অসমৰ প্ৰতিখন জিলা আৰু সংমণ্ডলৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷
মন্ত্ৰীজনে এই বৈঠকত জিলাসমূহৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ প্ৰতিজন বিষয়া- কৰ্মচাৰীকে বানৰ সময়ছোৱাত ২৪ ঘণ্ট×াই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে৷
মন্ত্ৰীজনে অভিযন্তাসকলক বানৰ সময়ছোৱাত জলসম্পদ বিভাগৰ বাহিৰেও অন্যান্য বিভাগৰ দ্বাৰা নিৰ্মিত বান্ধসমূহতো সমানে দৃষ্টি ৰাখি প্ৰয়োজনীয় কাৰ্যপন্থা হাতত ল’বলৈ আহ্বান জনায়৷ সকলোকে ২৪ ঘণ্ট×াই নিৰীক্ষণত ৰাখি মথাউৰি যাতে নাভাঙে সেয়া মন কৰি¸ পানী অলপ কমি যোৱাৰ লগে লগে ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ তৎক্ষণাৎ মেৰামতি কৰিবলৈ মন্ত্ৰীজনে অভিযন্তাসকলক উদ্দেশ্যি নিৰ্দেশ দিয়ে৷
আনহাতে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখন বানৰ প্ৰকোপত থকাৰ সময়ত বিভিন্ন স্থানত বিভিন্ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰি অথবা বান্ধসমূহ ক্ষতিগ্ৰস্ত হৈ কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰা বিষয়টোক বিশেষভাৱে গুৰুত্ব দি মন্ত্ৰীজনে অভিযন্তাসকলক কয় যে বান্ধ যি বিভাগৰে নহওক কিয়, বানৰ সময়ত জলসম্পদ বিভাগে এই বান্ধসমূহৰ ওপৰতো নজৰ ৰাখিব আৰু প্ৰয়োজন অনুসৰি জৰুৰীকালীনভাৱে বান্ধ মেৰামতিৰ ব্যৱস্থা কৰি জনসাধাৰণক বানৰ পৰা কিছু ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিব৷
উল্লেখযোগ্য যে চলিত বানত যোৱা ১৫ মে’ৰ পৰা ১৮ মে’লৈ মুঠ ১৬টা বান্ধ বা মথাউৰি বানত ভাগিছে যদিও ইয়াৰ ভিতৰত জলসম্পদ বিভাগৰ এটাও মথাউৰি নাই৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নলবাৰীত তিনিটা, ¸বজালীত দুটা, বৰপেটাত দুটা, গোৱালপাৰা আৰু দৰঙত এটাকৈ, বিশ্বনাথত ৬টা আৰু বজালীত কৃষি বিভাগৰ এটা মথাউৰি বা বান্ধ ভাগিছে৷ মন্ত্ৰী হাজৰিকাই জৰুৰী যিকোনো অৱস্থাত তেওঁক পোনপটীয়াকৈ যোগাযোগ কৰি সকলো খবৰ দি থাকিবৰ বাবেও তেওঁ অভিযন্তাসকলক নিৰ্দেশ দিয়ে আৰু কয় যে আপাতকালীন ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো সাহায্য বিভাগৰ বৰমূৰীয়াসকলে জিলা আৰু সংমণ্ডলসমূহলৈ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব৷
মূলতঃ এই সময়ছোৱাত মথাউৰিৰ সুৰক্ষাৰ দিশটোৱেই সকলোৱে প্ৰাধান্য দিব লাগে বুলি মন্ত্ৰীজনে অভিযন্তাসকলক নিৰ্দেশ দিয়ে৷ শেহতীয়াকৈ মন্ত্ৰীজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰি চৌহদৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিছিল৷
আজিৰ বৈঠকতে মন্ত্ৰীজনে এই বিষয়ে খবৰ লৈ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা কৃত্ৰিম বান উলিয়াই নিয়াত সফল হোৱা বাবে বিভাগীয় কৰ্তৃপক্ষৰ কামৰ শলাগ লয়৷ ইফালে মন্ত্ৰী হাজৰিকাই আজি তামুলপুৰৰ দলংপাৰ আৰু বৰখোপা অঞ্চলত মটঙা নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি বান আৰু খহনীয়া ৰোধ কৰিবলৈ বিভাগীয় অভিযন্তাসকলক মন্ত্ৰীজনে নিৰ্দেশ দিয়ে৷
Comments