যোৰহাট ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মে’ ঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ শুভাৰম্ভণী অনুষ্ঠানত যোৰহাটত সভা চলি থাকোঁতেই আজি এগৰাকী ছাত্ৰীয়ে আৰক্ষীৰ বেহু ফালি মঞ্চলৈ সোমাই যায়৷ সাধাৰণতে মুখ্যমন্ত্ৰী-গৰাকীক বহুজনে ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ থাকে আৰু বিভিন্ন সমস্যাৰাজি অৱগত কৰে৷
কিন্তু আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত সভা চলি থকা সময়তে যোৰহাটৰ ধলাজানৰ মীনাক্ষি বৰা নামৰ এগৰাকী ছাত্ৰীয়ে আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মঞ্চলৈ উঠি আহিবলৈ বিচাৰে৷ কিন্তু নিৰাপত্তাৰক্ষীয়ে মঞ্চৰ ওচৰৰ পৰা ছাত্ৰীগৰাকীক ভিতৰৰ কোঠালৈ বলেৰে লৈ যায়৷ সভাৰ অন্তত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ছাত্ৰীগৰাকীৰ লগত কথোপকথন হয়৷
লক্ষণীয় যে মীনাক্ষি বৰা নামৰ ছাত্ৰীগৰাকীৰ পিতৃ বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী ঘন বৰা ২০০৮ চনত গণেশগুৰিৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল৷ প্ৰায় চাৰি বছৰৰ পাছত পিতৃৰ মৃত্যু ঘটে৷
পিতৃৰ মৃত্যুৰ সম্পৰ্কত চৰকাৰৰ পৰা ক্ষতিপূৰণৰ আশা কৰি আজি ছাত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহে৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয় যে তেওঁৰ পিতৃ গণেশগুৰি বোমা বিস্ফোৰণৰ সময়ত আহত হৈছিল৷
সেইসময়ত আহত হোৱা ব্যক্তিসকলক চৰকাৰে ৫০ হাজাৰ টকা প্ৰদান কৰিছিল৷ সেই সময়ত তেওঁলোকেও ৫০ হাজাৰ টকা পাইছিল৷ কিন্তু চাৰি বছৰৰ পাছত পিতৃৰ মৃত্যু হয়৷ সেয়েহে চৰকাৰে বোমা বিস্ফোৰণত মৃত্যু হোৱা বুলি ভবা নাই৷ এই ক্ষেত্ৰত ছাত্ৰীগৰাকীক কিবা এটা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ইফালে মুখ্যমন্ত্ৰীগৰাকী সভাৰ পৰা ওলাই অহা সময়তো বহুজনে নিজৰ সমস্যাসমূহ দাঙি ধৰে৷ এগৰাকী বিশেষভাৱে সক্ষম যুৱতী ভৈৰৱী দত্তৰো সমস্যা সমাধান কৰিব বুলি মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে ধলাজান আকহুৱা গাঁৱৰ ঘন বৰাৰ মৃত্যুৰ পাছত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল৷ সেয়েহে পৰিয়ালটোৰ এটা সংস্থাপনৰ প্ৰয়োজন হৈছে৷ চৰকাৰী সহায় বিচাৰি তেওঁলোকে বহুবাৰ বিষয়া-আমোলাৰ ওচৰ চাপিছে যদিও কামত নহাত আজি মুখ্যমন্ত্ৰীক মনৰ বেদনা প্ৰকাশ কৰিবলৈ এনেদৰে মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল৷ লগত মাতৃ দীপামণি বৰাও আছিল৷
Comments