চণ্ডীগড়, ১৯ মে’ ঃ ১৯৮৮ চনত পথত উদ্ভণ্ডালি কৰাৰ এটা ৩৪ বছৰ পুৰণা গোচৰত আজি উচ্ছতম ন্যায়ালয়ে কংগ্ৰেছৰ নেতা নৱজোৎ সিং সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০০০ টকা জৰিমনা বিহে৷
১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পঞ্জাবৰ পাটিয়ালাত গুৰনাম সিং নামৰ এজন লোকক সিদ্ধুৱে মূৰত মৰিয়াইছিল আৰু ফলত সিঙৰ মৃত্যু হৈছিল৷ পঞ্জাব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সিদ্ধুক কালপেবল হোমিচাইডৰ [ইচ্ছাকৃতভাৱে হত্যা কৰা] অভিযোগৰ পৰা খালাচ দিয়া হয় যদিও ইচ্ছাকৃতভাৱে লোকজনক আঘাত কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়৷
এতিয়া সিদ্ধুৱে আদালত এখনত আত্মসমৰ্পণ কৰিব লাগিব৷ ১৯৯৯ চনৰ ২২ ছেপ্টেম্বৰত পাটিয়ালাৰ এখন ছেছন আদালতে সিদ্ধু আৰু তেওঁৰ সহযোগী ৰূপিন্দৰ সিং সান্ধুক ইচ্ছাকৃতভাৱে হত্যাৰ অভিযোগত খালাচ দিছিল কিন্তু ইচ্ছাকৃতভাৱে আঘাত হনাৰ অভিযোগত দোষী সাব্যস্ত কৰিছিল৷
ন্যায়াধীশদ্বয় এ এম খানউইলকাৰ আৰু এছ কে কৌলক লৈ গঠিত উচ্ছতম ন্যায়ালয়ৰ এখন পীঠে সিদ্ধুৰ শাস্তি সন্দৰ্ভত ভুক্তভোগীজনৰ পৰিয়ালে দাখিল কৰা এখন পৰ্যালোচনা আৱেদন গ্ৰহণ কৰে৷ ২০১৮ চনৰ মে’ত উচ্ছতম ন্যায়ালয়ে সিদ্ধুক দোষী সাব্যস্ত কৰিছিল যদিও তেওঁক কাৰাদণ্ড বিহা নাছিল আৰু ১০০০ টকা জৰিমনা বিহিছিল৷
আজি পীঠখনে সিদ্ধুক এবছৰ কাৰাদণ্ড বিহি দিয়া ৰায়ত কয় যে ‘পূৰ্বৰ ৰায়ত এটা ভুল থকা বুলি আমি অনুভৱ কৰিছোঁ... আৰু সেয়ে শাস্তি সন্দৰ্ভত দাখিল কৰা পৰ্যালোচনা আৱেদনখনত অনুমতি দিলোঁ৷’ উল্লেখযোগ্য যে ২০১৮ চনৰ মে’ত পঞ্জাব আৰু হাৰিয়ানা উচ্ছ ন্যায়ালয়ে সিদ্ধুক দোষী সাব্যস্ত কৰিছিল আৰু তিনি বছৰ কাৰাদণ্ড বিহিছিল৷
কিন্তু উচ্ছতম ন্যায়ালয়ে ৰায়টো খাৰিজ কৰিছিল আৰু সিদ্ধু আৰু তেওঁৰ সহযোগী ৰূপিন্দৰ সিং সান্ধুকো সকলো অভিযোগৰ পৰা মুক্ত কৰিছিল৷ গোচৰটো আছিল এই ঃ ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত সিদ্ধু আৰু সান্ধু পাটিয়ালাৰ এটা পথৰ মাজত ৰখাই থোৱা এখন জিপ্ছিত বহি আছিল৷ সেই সময়তে গুৰনাম সিং [৬৫] আৰু আন দুজন লোক টকা উলিয়াবলৈ বেংকলৈ গৈছিল৷
গুৰনাম সিঙে এখন মাৰুতি কাৰ চলাই গৈছিল৷ পথৰ মাজত জিপছিখন ৰখাই থোৱা দেখি তেওঁ জিপছিখনত বহি থকা লোক দুজনক [সিদ্ধু আৰু সান্ধু] গাড়ীখন আঁতৰাবলৈ কয়৷ তেতিয়া তেওঁলোকৰ মাজত উত্তপ্ত বাক-বিতণ্ডা হয় আৰু সিদ্ধুৱে মাৰপিট কৰাত গুৰনাম সিঙৰ মৃত্যু হয়৷ ১৯৯৯ চনৰ ছেপ্টেম্বৰত সিদ্ধুক বিচাৰ আদালতে হত্যাৰ অভিযোগৰ পৰা খালাচ দিছিল৷ কিন্তু উচ্ছ ন্যায়ালয়ে দুয়োকে দোষী সাব্যস্ত কৰি তিনি বছৰ কাৰাদণ্ড আৰু ৰ লাখ টকাকৈ জৰিমনা বিহিছিল৷
Comments