হোজাই ঃ নিজা বাতৰি দিওঁতা, ১৯ মে’ ঃ হোজাইৰ চৌদিশে এতিয়া বানৰ অবৰ্ণনীয় পৰিস্থিতি৷ কপিলীৰ সংহাৰী বানত হোজাইৰ ৮০খনতকৈ অধিক গাঁও প্লাৱিত৷ উক্ত বানত ক্ষতিগ্ৰস্ত হৈছে লাখতকৈ অধিক লোক৷ হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ ইজনৰ পাছত সিজনকৈ মন্ত্ৰী উপস্থিত হৈছে৷
ইয়াৰ মাজতে এজন বিজেপিৰ বিধায়কে কৰা কৰ্মকাণ্ডক লৈ ৰাজ্য তোলাপাৰ লাগিছে৷ ঘটনাটো আছিল কালিৰ৷ মন্ত্ৰীৰ সৈতে একেলগে বান পৰিস্থিতি চাবলৈ হোজাইৰ ৰাধানগৰ অঞ্চলত উপস্থিত হৈছিল লামডিং সমষ্টিৰ বিজেপিৰ বিধায়ক শিবু মিশ্ৰ৷ কিন্তু সকলোৱে যেতিয়া নিজে নিজে গৈ এছ ডি আৰ এফৰ নাৱত উঠিছিল তেতিয়া বিধায়কজনে নিজৰ বগা জোতাযোৰ লেতেৰা হোৱাৰ উপক্ৰম দেখি আগবাঢ়ি যোৱা নাছিল৷
পাছত হোজাইৰ নিউজ লাইভৰ সাংবাদিকজনে বিধায়কজনক বোকোচাত তুলি নাওখনলৈ লৈ গৈছিল৷ এই সমগ্ৰ দৃশ্যৰ ভিডিঅ’ আজি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বিধায়ক আৰু সাংবাদিকজনক ৰাইজে চোকা সমালোচনা কৰে৷
আনহাতে, বিধায়কজনক এনে কাণ্ডৰ বাবে কোনোবাই যদি কৈছে এয়া তেওঁৰ প্ৰকৃত স্বৰূপ, আন কোনোবাই আকৌ তেওঁক বান চাবলৈ কিয় আহিছিল বুলিও প্ৰশ্ন তুলিছে৷ একেদৰে সাংবাদিকজনকো ৰাইজে সমালোচনা কৰি এয়া তৈলমৰ্দনৰ বাহিৰে একো নহয় বুলিও সমালোচনা কৰিছে৷
ইপিনে বিধায়কজন অধিক সমালোচিত হোৱা দেখি তেওঁ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ জ্বৰ হৈ থকাৰ বাবে পানীত নমা নাছিল৷ কিন্তু সাংবাদিকৰ পিঠিত উঠি পানী চাবলৈ যোৱা কাৰ্যক ৰাইজে সহজে ল’ব পৰা নাই৷
এতিয়া প্ৰশ্ন হয় এনে জনপ্ৰতিনিধিৰ পৰা ৰাইজেনো কি আশা কৰিব? ৰাইজৰ দুৰ্দশাৰ সময়ত পানীতেই নামিবলৈ যদি টান পায়, তেন্তে ইয়াতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সমষ্টিবাসীয়ে সন্মুখীন হ’লে তেওঁৰ পৰা কি আশা কৰিব?
Comments